পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ অধ্যায় আৰু পূবে দীকৰাই লৈকে ৰঘুদেৱ ৰজাৰ ৰাজ্য হ’ল। আৰু এইৰূপে সন্ধি কৰা হ'ল।* নৰনাৰায়ণ বজাৰ ভাগত সাণকোষ নদীৰ পশ্চিমে কৰতোয়া নদীলৈকে এই খণ্ড মাথোন থাকিল। এই ঘটন৷ ১৫০৩ শুঁকত ঘটে। ৰঘুদেৱ ৰজাই এতিয়াৰ গুৱালপাড়া জিলাৰ পৰ্ব্বত জোয়াৰ পৰগণাত আধুনিক গৌৰীপুৰ নগৰব পৰ| ১০ মাইল দূৰৈত গদাধৰ বা গঙ্গাধৰ নদীৰ ওচৰত নকৈ নগৰ কৰিলে। 89 এইৰূপে ৰাজ্য কৰি নৰনাৰায়ণ ৰজা ১৫০৬ শুঁকত স্বৰ্গী হয়। তেওঁৰ ৰাজ্যত তেওঁৰ পুতেক লক্ষ্মীনাৰায়ণ ৰজা হয়। আৰু এওঁৰ পৰ| এতিয়াৰ কেঁাঁচবেহাৰৰ ৰজাৰ ফৈদ বাঢ়ি আহিছে। ৰঘুদেৱ ৰজা হই তেওঁৰ নগৰতে থাকিল। এওঁৰ দিনত কোনো বিশেষ কাৰ্য্য নহ’ল। মুঠে নগৰখন ভালকৈ পাতিলে। আৰু হাজোৰ হয়গ্ৰীৱ মাধৱৰ মন্দিৰ এইজনা ৰজাদেৱে নিৰ্ম্মাণ কৰা বুলি প্ৰসিদ্ধ। এই ৰঘুদেৱ ৰজাই তেওঁৰ জীয়ৰী এজনী, আহোমৰ ৰজাক বিয়| দি মিত্ৰতা কৰিছিল। আবুল ফাজিলে যেতিয়া আইন আকবৰি ৰচনা কৰে তেতিয়া কেঁছি ৰজাৰ ৰাজ্য যে এনেকৈ ভাগ হইছিল এইটো প্ৰকাশ নাছিল। তেওঁ কেঁাছৰ ৰজাক মহ৷ প্ৰতাপী ৰজা বুলিছিল। ইহাৰ কাৰণ৷ কেৱল মুসলমান বিলাকে যেতিয়া এই ফালে আহে তেতিয়া ৰজাই অনেক অশিক্ষিত লোককে৷ সৈন্য হেন দেখুৱাই আগ বঢ়াই পাছে সন্ধি কৰিলে। এই সময়ত মুসলমান বিলাকৰ পৰাক্ৰম ক্ৰমে ক্ৰমে বৃদ্ধি হই অহাত সেই সকলৰ আক্ৰমণৰ আশঙ্কাতে দুইও ঘৰ ৰজা বড় মিলেৰে আছিল। ৷ ১৫১৫ শুঁকত ৰঘুদেৱ ৰজা হয়। তেওঁৰ পুতেক পৰীক্ষিত নাৰায়ণ ৰজা হ’ল। ইয়াৰ অলপ পাছতে কেঁাঁচবেহাৰ ফৈদৰ লক্ষ্মীনাৰায়ণ ৰজাই সইতে বিৰোধ হোৱাত পৰীক্ষিতে নিজৰ দেশ ৰক্ষা কৰিবৰ অৰ্থে ঢাকাৰ - নবাবৰ ওচৰলৈ গ'ল। নৱাবে ৰজাৰ সকলো অবস্থা জানি দুৰ্ব্বল ভাবি

এতিয়াও আসাম প্ৰদেশৰ প্ৰধান কমিশুনৰব অধিকাৰ এই স্বৰ্ণকোষ নদীৰ পূৰ্ব্ব পাৰৰ পৰা আৰম্ভ।