পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী এক সময়ত নৰনাৰায়ণ ৰজাক শনিএ পোৱা বুলি জ্যোতিষীয়া সকলে কোৱাত ৰজাই ভায়েক চিলাৰায়ক ৰাজ্যত প্ৰতিনিধি থই ছদ্মবেশ ধৰি প্ৰায় এবছৰ মান দেশ ভ্ৰমণ কৰি নিজ দেশলৈ উভতি আহে। অসম ৰজাৰ এটা শুক্ল বৰ্ণব হস্তী আছিল। সেই হস্তীৰ প্ৰতি ৰজাৰ ইচ্ছা হই ভায়েকক অসমে সইতে যুদ্ধ কৰিবলৈ পঠালে। যুদ্ধত অসম ৰজা ঘাটিল আৰু চিলাৰায়ে সেই হস্তী ধৰি নিলে। সেই নিমিত্তেই চিলাৰায় দেৱানৰ নাম শুক্লধ্বজ হইছে বুলি প্ৰসিদ্ধ আছে। ৰজাৰ ভায়েক চিলাৰায়ৰ মৃত্যু হ’ল। তেওঁৰ ৰঘুদেৱ নাৰায়ণ নামে এজন পুত্ৰ আছিল। পুত্ৰ নথকাৰ কাৰণে নৰনাৰায়ণ ৰজাই ৰঘুদেৱক পুত্ৰ লইছিল। কিন্তু ইতি সময়তে তেওঁৰ এটি পুত্ৰ জন্মাত ৰঘুদেৱে ৰাজ্য নেপাব ভাবি তলে তলে ড্ৰোহ আচৰিব খুজিলে। পাছে এই কথা বুঢ়া ৰজাই বুজ পোৱাত ৰঘুদেৱ পলাল। তেওঁ কিছুমান পূৰ্ব্বৰ শত্ৰু লোকে সইতে মিলন হই নগৰ আক্ৰমিবলৈ অহাত বুঢ়াৰজ৷ সসৈন্যে আহিল। স্বৰ্ণকোষ বা সোণকোষ নদীৰ পশ্চিম পাৰে বুঢ়া ৰজাৰ আৰু পূব পাৰে ৰঘুদেৱ ৰজাৰ বাহৰ হ’ল। বুঢ়া ৰজা এদিন পুৱা ঘোড়াৰে কিছু সৈন্য লই অহাত ৰঘুদেৱ সসৈন্যে পলাবলৈ উদ্যোগ কৰিলে। নৰনাৰায়ণ ৰজাই ক্ৰোধ কৰি বৰ্ষাডাল নৈৰ মাজলৈ পেলাই দি বড় দুঃখিত হই ক’লে বোলে “ময় ল’ৰাক মাতি নি ৰাজ্য দিবলৈ খুজিছিলো। এনেতো যেতিয়া নাহিল এই নদীয়েই দুইৰে৷ ৰাজ্যৰ সীমা হওক।” তেতিয়াৰে পৰা সোণকোষৰ পশ্চিমে নৰনাৰায়ণ ৰজাৰ ৪৬ কেঁাঁচবেহাৰ, বিজনী, দ’বঙ্গ, বেলতলা প্ৰভৃতিৰ ৰজা কি ৰজাৰ পৰিয়ালৰ কোনোয়ে নীলাচলৰ ফাললৈকে পাৰ্য্যমাণ নেচায়। এইটো মুঠে পতিয়াব নলগীয়া ইয়াক কোনে হুবুলিব? ৰজাক দেবী দেখুৱাব নোৱাৰি কেন্দু কলাই বাপু লাজ পাই অকস্মাৎ পড়িল আৰু মৃগী বা অপস্থাৰ ৰোগ হই পড়ি থকাত ৰজাই বাপুক চাবলৈ যোৱাত বহু বেলিৰ মুৰত চেতন পাই “এই ফল” বুলি ৰজাক দেবী দৰ্শন কৰিবলৈ নিষেধিলে। তেতিয়াৰে পৰা ৰজা আৰু ৰজাৰ পৰিয়াল বিলাকে নীলাচলৰ ফালে তদ্ৰূপ বিপত্তিৰ আশঙ্কাত নেচায়। ছত্ৰৰ দ্বাৰা আড় কৰি যায়।