পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ অধ্যায় শুঁকত আকৌ চিলাৰায় আহি যুদ্ধ কৰাত আহোম বিলাক ঘাটিল। আৰু সোন্দৰ গোঁহাই প্ৰভৃতি কেতবিলাক মানুহ বন্দী 'দিয়াত সেই সকলক লই চিলাৰায় নিজ দেশলৈ গ'ল। কিছুমান বছৰৰ পাছে এদিন ৰজাই সইতে সোন্দৰ গোহাঁই পাশা খেলাত জিকাত সেই মানুহ বোৰ উভতি আহিল। আহোম বিলাকৰ কথা লেখাত এই বিষয় বিশেষকৈ লেখা যাব। 88 কালাপাহাৰে কামাখ্যাৰ মন্দিব ভঙ্গাৰ পাছত এইজন৷ ৰজাৰ দিনতে সেই মন্দিৰ পুনৰায় নিৰ্ম্মাণ কৰা হ'ল। ইয়াক সাজোঁতে প্ৰায় (১০) দশ বছৰ লাগে। এই কাৰ্য্যত চিলাৰায় বা শুক্লধ্বজৰে বিশেষ যত্ন আছিল। ১৪৮৭ শুঁকত মন্দিৰ সমাপ্ত হয়। এজন হিন্দুস্থানী লোকৰ দ্বাৰা এই মন্দিৰ নিৰ্ম্মাণ হয়। কামাখ্যাৰ মন্দিৰৰ ভিতৰৰ যি ঠাইত চলন্ত৷ দেবী আছে, তাতে নৰনাৰায়ণ আৰু চিলাৰায় দুইও জনাৰ দুটি প্ৰতিমূৰ্তি আছে। কামাখ্যাৰ পূজা চলাবৰ নিমিত্তে এই জনা ৰজাই নিজ দেশ কেঁাচবেহাৰৰ পৰ৷ বামুণ আনি পাতিছিল। তাৰে কেন্দু কলাই নামে পূজাৰি বাপুৰ কথা৷ সকলোয়ে জানে। নীলাচলৰ পূব দুৱাৰমুখতে কেন্দু- কলাই বাপুৰ মূৰ ছিগাৰ মূৰ্ত্তি আজিলৈকে আছে। এতিয়াও নীলাচলৰ যি কেই ঘৰ বামুণ আছে তাৰ অনেকেই এই বাপুৰ বংশ নাতি মাথোন।* এনে এটি কথা প্ৰচাৰ হই আছে বোলে কেন্দু কলাই বাপুয়ে যেতিয়া গধূলী গোঁসানী পূজা কৰি ঘণ্ট। বজায় তেতিয়| গোঁসানীয়ে আহি নাচে। নৰনাৰায়ণ ৰজাই এই কথা বুজ পাই আৰু দেবীক চৈতন্য ৰূপে দৰ্শন পাবলৈ ইচ্ছ। কবি বাপুত কোৱাত বাপুয়ে ৰজাক এই উপদেশ দিলে যে গধূলী যেতিয়া তেওঁৰ ঘণ্টাৰ মাত শুনিব তেতিয়া তেওঁ নাট মন্দিৰৰ কুন্দ্ৰাক্ষৰ জলাৰে চাব দেবী দৰ্শন পাব। এদিন কোৱা সয়মত সেইৰূপ ঘণ্টা বজাত ৰজাই সেই জলাৰে সেই মন্দিৰৰ ভিতৰলৈ চোৱাত ৰজাৰ চকুয়ে দেবীৰ চকুএ পড়িল। গোসানীয়ে তাত লাজ পাই ক্ৰুদ্ধ হই কেন্দু কলাই বাপুৰ মূৰ ছিগি পেলালে আৰু ৰজাক শাপ দিলে বোলে তেওঁৰ আৰু তেওঁৰ বংশৰ কোনো লোকে দেবীদৰ্শন দূৰৈত থাওক নীলাচল পৰ্ব্বতৰ ফাললৈকে চাব নেপায়। চালে মুৰ ছিগিব। তেতিয়াৰে পৰা আৰু গোঁসানী পুজাৰ সময়ত ওলাবলৈ এড়িলে আৰু শিৱবংশী