পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী অদ্যাপিও নীলাচল মন্দিৰত আছে। গুৱাহাটীৰ পৰ৷ কালাপাহাৰ ভটীয়াই লুইতেৰে গ'ল। 99 কামৰূপৰ যিমান মাটী আৰু গৃহস্থ আছে তাৰ সংখ্যা কৰিবৰ নিমিত্তে নৰনাৰায়ণ ৰজাই যত্ন কৰিছিল। গৌড় দেশৰ নৱাবে সইতে সন্ধি কৰিবলৈ তেওঁৰ বড় ইচ্ছ৷ আছিল। কিন্তু নানা কাৰণত তাক কৰিব নোৱাৰিলে। ভোটান বাজ্যে সইতে সদাই দ্ৰোহ লাগি থকাত সন্ধি কৰিলে। এওঁৰ ধৰ্ম্মৰ প্ৰতি বিশেষ মন আছিল। শঙ্কৰ আৰু মাধৱে বৈষ্ণব ধৰ্ম্ম প্ৰচাৰ কৰোঁতে দেশত তেওঁবিলাকৰ অনেক শত্ৰু হই বজাৰ আগত অনেক বেয়া কথা কই থকাত তেওঁবিলাকক ধৰাই নি কথা বাৰ্ত্তা হোৱাৰ পাছত সেই ধৰ্ম্মৰ প্ৰতি ইমান বিশ্বাস হল যে তেওঁ শঙ্কৰত শৰণ লবলৈ মন কৰিছিল। শঙ্কৰে ৰজাৰ গুৰু নহওঁ বুলি প্ৰকাশ কৰাত তেনেই থাকিল। তাৰে কিছু দিনৰ পাছত ১৪৯১ শুঁকত শঙ্কৰৰ মৃত্যু হয়। নৰনাৰায়ণ ৰজা বিদ্যাৰ বড় উৎসাহদাতা আছিল। এওঁৰ দিনতে শঙ্কৰে আৰু মাধৱে কীৰ্ত্তন, দশম, ঘোষা, ৰত্নাবলী আৰু আন আন পুথী কৰে। পুৰুষোত্তম বিদ্যাবাগীশে ৰত্নমাল৷ ব্যাকৰণ কৰে। আৰু ৰাম সৰস্বতী বা অনন্ত কন্দলী নামে এজন পণ্ডিতে ভাগৱত পুৰাণ ইত্যাদি দেশীয় ভাষাত ভাঙ্গে। এইসকলক এড়িও আন আন অনেক পণ্ডিতে অনেক পুথী কৰে। সেই সকলকে এইজনা বজাই বড় উৎসাহ দিছিল। এইজনা ৰজাৰ দিনতে৷ আহোম বিলাকৰ বিপক্ষে কেইবাবাৰে৷ সৈন্য পঠোৱা হইছিল। কেইও বাৰে৷ আহোমবিলাক প্ৰায় পৰাস্ত হইছিল। এবাৰত ৰজাৰ ভ্ৰাতৃ চিলাৰায় আহিল। হিন্দু ৰজাই বামুণ নেমাৰে জানি আহোম বিলাকে অনেক শূদ্ৰাদি লোকক লগুণ পিন্ধাই আৰু গৰুত তুলি ৰণ সমুখ কৰি দিলত চিলাৰায় উভতি গ'ল।* পাছ বেলি ১৪৮৫

এই যুদ্ধতেই আক্ৰমণকাৰী সৈন্য দলৰ কোনোৰ খাউনি নাটনি হোৱাত ঘোঁড়াৰ মাংস খাই প্ৰাণ ৰাখিছিল। সেই সকল লোক ঢেকেৰী প্ৰদেশৰে৷ ৰজাৰ সৈন্যদলৰ ভিতৰৰ। সেই কাৰণে আহোমে ঢেকেৰী প্ৰদেশৰ লোকক “ঘোড়া গোৱা ঢেকেৰী” বুলি হাঁহে। আহোমে বেঙ্গ থায় সেই কাৰণে আহোমক “বেঙ্গ থোৱা” বুলি ই পক্ষে হাঁহে।