পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ অধ্যায় নৰনাৰায়ণ ৰজা অতি যোদ্ধাৰু আছিল। পিতৃ ৰজাৰ দিনত যিবিলাক মানুহ দমন নোহোৱাকৈ আছিল সেই সকল দমন কৰিলে। এওঁৰ শৰীৰতো বড় বল আছিল। ভাটীৰ ফালৰ পৰা যিবিলাক মাল আহিছিল সেই বিলাককে পৰাস্ত কৰিছিল। আৰু শত্ৰুক দমন কৰিবলৈ তেওঁৰ দেশৰ লোক সকলৰ মল্লযুদ্ধ শিক্ষাৰ প্ৰতি বিশেষ মন দিছিল। এই কাৰণে তেওঁৰ আৰু এটা নাম মল্লনাৰায়ণ আছিল। পুথী ইত্যাদিত এই মল্লনাৰায়ণ নামহে প্ৰকাশ আছে। শঙ্কৰদেৱ আৰু মাধৱদেৱ কৰা ভটীম৷ পুথীত আৰু পুৰুষোত্তম বিদ্যাবাগীশৰ ১৪৯০ শঁকত কৰা ৰত্নমালা ব্যাকৰণত নৰনাৰায়ণ ৰজাৰ মল্লনাৰায়ণ বা মল্লদেৱ নামহে প্ৰখ্যাত। এইজনাৰ দিনত দেশৰ হিতকৰ অনেক কাৰ্য্য হইছিল। কমল নাৰায়ণ নামে এজন৷ কোঁৱৰে ভোটৰ আৰু আমাৰ সীমাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে এটা আলি কৰিলে। সেই আলিৰ নাম “গোঁহাই কমলৰ আলি।” তাব চিহ্ন এই পৰ্যন্ত অনেক ঠাইত আছে। উজনি লক্ষীমপুৰৰ পৰা জলপাইগুৰীৰ ভাটীলৈকে অনেক ঠাইত এই আলিৰ চিহ্ন এতিয়ালৈকে আছে। দুৰ্ল্লভ নাৰায়ণৰ তলতীয়া সজন বা সুজন গ্ৰামত পণ্ডিত ৰামখা ভূঁয়া নামে এজন৷ ৰজা আছিল। তেওঁ তলে তলে দ্ৰোহ আচৰিবলৈ ধৰিছিল। কিন্তু ভয় পাই পলাই গ'ল। ৪৩ শুঁকত (খৃঃ ১৫৫৩) বঙ্গাল দেশৰ নবাব সলিমানৰ সেনাপতি কালাপাহাৰ* এই ফালে দিগ্বিজয় কৰিবলৈ আহে। কেঁাঁচবেহাৰৰ' ৰজাই সেই বজাই সইতে সন্ধি কৰিলে। কিন্তু কালাপাহাৰৰ ৰাজ্য জয় কৰাতকৈ হিন্দুধৰ্ম্ম নষ্ট কৰাই প্ৰধান উদ্দেশ্য থকাত নৰনাৰায়ণ ৰজাই সইতে সন্ধি কৰি উজাই আহিল। বজাই মুসলমান সেনাপতিৰ আক্ৰমণৰ প্ৰতি বাধা দিয়া ভাল নেদেখি তেনেই থাকিল। ইফালে তেওঁ আহি নীলাচলৰ কামাখ্যাৰ আৰু আন আন অনেক মন্দিৰ নষ্ট কৰিলে। ইয়াৰ চিন কালাপাহাৰৰ এই দেশত পোৰাষুঠাৰ, পোৰা কুঠাৰ, কালা সুঠান বা কাল যৱন নাম প্ৰচলিত আছে। এওঁ ধৰ্ম্মবিদ্বেষী বুলি এতিয়ালৈকে মানুহে কয়। কালাপাহাৰৰ আক্ৰমণৰ বিবৰণ গুৰু ভটীমাত আছে। "