পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী আপোনাৰ পালক শক্তি বুজাবলৈ তেওঁৰ সন্তান বিলাকৰ “নামৰ শেষত নাৰায়ণ” নাম দিলে। s2 বিশ্বসিংহ ৰজাৰ উজনিৰ ৰাজ্য আহোম বিলাকে আক্ৰমণ কৰাত তেওঁয়ে সৈন্য পঠাই যুদ্ধ কৰিছিল। আৰু দূৰৈ সীমাত সদাই ৰণ বিগ্ৰহ হই নেথাকিবলৈ আহোম বিলাকে সইতে সন্ধি কৰে। বাঙ্গলুগড় তেতিয়া বেহাৰৰ ৰজাৰ পূৰ্ব্ব সীমা আছিল। ১৪৫০ শুঁকত (খৃঃ ১৫২৮) বিশ্বসিংহ ৰজ৷ স্বৰ্গী হয়। এইজন৷ ৰজাই দেশৰ শান্তি ৰক্ষাৰ নিমিত্তে অতি যত্ন কৰিছিল। এই দেশৰ পৰ্ব্বতৰ দাঁতিৰ ডিমৰুৱা, বেলতলা, ৰাণী, লুকি বগাই, পান্তান, বকে৷, বনগাও, মৈৰাপুৰ, ভোলাগাঁও, ছয়গাঁও, বড়নগৰ, দঙ্গ, কবইবাৰী, আটীয়াবাৰী, কামতাবাৰী আৰু বলবাম 'পুৰত যি যি মুখ্য লোক আছিল সেই সকলকে কৰতলীয়৷ কৰিলে৷ আৰু মুগা, কপাহ, তাম, বাঙ্গ, সেতু শিহ, ৰূপ, সোণ, লো, কাচ, মাটি, লোণ, সুৱগা প্ৰভৃতি যি দেশৰ যি বস্তু তাকে কৰ লই বশবৰ্ত্তী কৰিলে। ভোটবিলাকে সদাই উপদ্ৰৱ কৰি থাকিছিলহি দেখি দেৱাধৰ্ম্ম৷ ৰজাই সইতেও সন্ধি কৰিলে। দাঁতি পাড়ে ঠাইয়ে ঠাইয়ে উজীৰ, লঙ্কৰ ভূয়া, বড়ুৱা প্ৰভৃতি উপাধিৰে শান্তিৰক্ষক নিয়োজন কৰিলে। বিশ্বসিংহৰ ১৮ জনা কোঙৰ। তাৰ নৰনাৰায়ণ সকলোতকৈ ডাঙৰ। এওঁয়েই সিংহাসনত উঠিল। এওঁৰ তলতীয়া ভায়েক চিলাৰায় বা শুৰু- ধ্বজ দেৱান বা সেনাপতি হ'ল। ই কেইজনা কোঁৱৰৰ নাম বড় প্ৰখ্যাত নাই। নৰনাৰায়ণ ৰজাই শঙ্কৰদেৱৰ ভ্ৰাতৃ ৰামৰায় আতা বা ৰামৰায় বড়ুৱাৰ জীয়েক কমলপ্ৰিয়া আপীক বিয়া কৰালে।† সেই বিয়া যি ঠাইতে হ’ল তাক এতিয়াও ৰামৰায় কুঠি বোলে। অদ্যাপি ইয়াত এক সত্ৰ আছে। আৰু এই সত্ৰ এতিয়াৰ গুৱালপাড়া জিলাৰ ঘুল্ল| পৰগণাত পড়িছে।

  • এই বংশৰ কোঙৰ কি ৰজা যেইকি নহওক সকলোয়েই নামৰ শেষত “নাৰায়ণ”

নাম লয়। এতিয়ালৈকে| এই নিয়ম চলিব লাগিছে। † কোনোএ কয় বোলে শুক্লধ্বজে বিয়া কৰালে।