পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ অধ্যায় অলপতে লোক সকলক শীঘ্ৰে পাবলৈ তাতে প্ৰাৰ্থনা কৰাত তাৰ লোক সকল পালেহি। সেই দেৱতাৰ মহিমা জানি ৰজাই সকলো বিবৰণ সুধিলত তাত পূজা কৰাত গাহৰি আৰু কুকুৰা কাটী বলি দিয়া আৰ উপচাৰত তিৰোতাই পিন্ধ৷ সাজ কাপৰ দিয়া শুনি শক্তিপীঠ বা শক্তি স্থান জানি তেওঁ এই সংকল্প কৰিলে যদি তেওঁৰ দেশ সুথিল হয় আৰু ৰাজ্য নিষ্কণ্টকে পায় তেনে হলে সোণৰ মন্দিৰ নিৰ্ম্মাণ কৰাই দিব। ৰজা নিজ দেশলৈ অহাৰ পাছত ক্ৰমে দেশ সুথিল হ'ল। আৰু সকলো পণ্ডিতক মতাই আনি সেই দেৱতাৰ ঠাইৰ বিষয় অনুসন্ধান কৰাত কামাখ্যাৰ পীঠস্থান বুলি জানিলে। পূৰ্ব্বৰ প্ৰতিজ্ঞা পালিবলৈ ৰজাই সেই গছ কটাত তাৰ তলত কামাখ্যাৰ পীঠ ওলাল। এইৰূপে যোগিনী তন্ত্ৰ আৰু আন আন পুৰাণ ঠাই ৰজাই তাত থকা প্ৰায় সকলে৷ পীঠ উলিয়ালে। কামাখ্যাৰ মন্দিৰৰ তলৰ ভাগে৷ মাটিৰ তলৰ পৰা ওলাল৷ ৰজাই সেই তল খণ্ডৰ ওপৰতে মন্দিৰ কৰি দিলে আৰু সোণৰ মন্দিৰৰ সলনি প্ৰতিখন ইটাত এক ৰতি সোণ দিলে। 83 এই কথা কেৱল ইয়াৰ সদৃশ আন আন কথাৰ দৰে ভালকে পতিয়াব নোৱাৰা কথা মাথোন। অতি পূৰ্বকালৰ আৰ্য্য জাতিৰ ৰাজত্বৰ সময়ত সেই মন্দিৰ আছিল। ইয়াৰ মাজতে বৌদ্ধধৰ্ম্ম প্ৰবল হোৱাত কামৰূপ ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ পৰা ভাটীয়াই যোৱাত আৰু উজনি খণ্ডৰ ৰাজধানী উজনিত হোৱাত মন্দিৰৰ প্ৰতি ৰজাৰ চকু গুছিল। আৰু লোকৰে৷ দেবীৰ প্ৰতি আস্থা হ্ৰাস হোৱাত মন্দিৰ ভাগি ছিগি গ'ল। ওপৰত গছ গজিল। বিশ্বসিংহ ৰজাৰ দিনত আকৌ সেই মন্দিৰ প্ৰায় নকৈ কৰা হ'ল। বিশ্বসিংহ ৰজাই হিন্দুধৰ্ম্ম লই সেই ধৰ্ম্মৰ প্ৰতি শ্ৰদ্ধা আৰু যত্ন প্ৰকাশ কৰিলে। কেঁাঁচবিহাৰৰ পৰা কেত বিলাক ব্ৰাহ্মণ কামাখ্যাৰ আৰু আন আন যি দেৱতাৰ মন্দিৰ সেই সময়ত উলিওৱা বা প্ৰতিষ্ঠা কৰা হ'ল তাৰ সেৱাপূজা চলাবলৈ পঠালে। কান্যকুব্জ, মিথিলা, নবদ্বীপ, কাশী, গৌড় প্ৰভৃতি প্ৰধান নগৰৰ পৰা ব্ৰাহ্মণ সকলক মতাই আনি পুৰাণ তত্ত্ব ইত্যাদি চৰ্চ্চিবলৈ ধৰিলে। আপুনি দেবীৰ উপাসক হ'ল। আৰু ৬