পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী নাম শিশু আৰু জিৰাৰ পুতেকৰ নাম বিশু আছিল। ক্ৰমে এই দুই ল’ৰা ডাঙ্গৰ হই বৰ পৰাক্ৰমী হ’ল। আৰু অনেক ঠাই কৰতলীয়৷ কৰি ল'লে। বিশুয়ে বিশ্বসিংহ নাম লই সেই জাতিৰ ৰজা হ’ল। আৰু শিশুয়ে শিৱসিংহ নাম লই ডেকা ৰজা হ'ল। এই দুইওজনে ক্ৰমে ওচৰৰ লোক সকলক পৰাজয় কৰি ১৪২০।৩০ শঁকৰ ভিতৰত কমতাপুৰ নগৰ ল'লে। আৰু শিৱবংশী নৰপতি বুলি প্ৰসিদ্ধ হল। তেওঁবিলাকৰ নিজ কুলৰ লোক সকলে ৰজা যি বংশৰ বা কুলব সেই কুলৰ হোৱাৰ নিমিত্তে ৰাজবংশী বুলি কবলৈ ধৰিলে। সেই কাৰণেই কেতবিলাক বিশেষকৈ ভাটী ফালৰ কেঁাঁচবিলাকে ৰাজবংণী বুলি কয়। • বিশ্বসিংহ ৰজা হই বড় প্ৰতাপেৰে ৰাজ্য পালিবলৈ ধৰিলে। কমতাপুৰ নগৰ লই আৰু আন আন মেছ আৰু কোঁচ কুলীয়৷ সৰু সৰু ৰজ৷ বিলাক পৰাস্ত কৰাত তেওঁৰ অনেক শত্ৰু হল। সেই সকলক ক্ৰমে দমন কৰি ৰজ৷ 'আৰু তেওঁৰ ভ্ৰাতৃ দুইও উজাই গুৱাহাটীৰ ফালে আহিল। এদিন৷ দুইও ভায়েক নিমিত্তে নীলাচল পৰ্ব্বতলৈ গ'ল। এতিয়া যেনে সেই পৰ্ব্বত বহু মানুহৰ থকা ঠাই হইছে তেতিয়া তেনে নাছিল। অতি সামান্য মেছ বা কোঁচকুলৰ কেইঘৰমান মানুহ মাথোন তাত আছিল। বিশ্বসিংহ আৰু শিৱসিংহ দুইও ভায়েক লগৰ মানুহ বিলাকক হেৰুৱাই সেই মেছ গাওঁলৈ যোৱাত কোনো মুনিহ মানুহৰ লগ নেপালে। অকল বুঢ়ী এজনীৰ লগ পালে। এজোপা বড় বট গছৰ ছাত তাই জিৰাইছিল। তাতে এটি ভেঁটী আছিল। অতিশয় পিয়াহত ৰজাই সেই বুঢ়ীৰ পৰা শুশ্ৰূষা পালে। আৰু সেই গছৰ তলৰ ভেঁচীৰ কথা সোধাত বুঢ়ীয়ে সিহঁতৰ দেৱতা বুলি কলে। আৰু ৰজাই লগৰ 8. সকলে কোনো দেৱতা বা শ্ৰেষ্ঠ লোকৰ সন্তান বুলি কয়। সেইৰূপে এই সকলেও সেইৰূপ কথা প্ৰচাৰ কৰিছিল। এনেটোহে ঠাৱৰ যে সেই দেশত ভ্ৰমি ফুৰা কোনে। সন্নাসীৰ পৰা সেই দুজন লৰা হয়। প্ৰায় সন্ন্যাসীবিলাকৰ আৰাধ্য দেৱতা শিৱ সেইনিমিত্তে সেই ৰজাও শিৱবংশ নামে বিখ্যাত হ'ল। তেনে নহলে ৰজাৰ প্ৰতি ভক্তি তিমান নহলহেঁতেন।