পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ অধ্যায় অসম দেশ আৰু বঙ্গাল দেশৰ উত্তৰপূৰ্ব্ব অঞ্চলত পৰ্ব্বতৰ দাঁতিত এতিয়াৰ দৰে অনেক আদিবাসী অসভ্য মানুহ আছিল। সেই শ্ৰেণীব আন আন জাতিৰ দৰে ইহঁতৰে৷ একোজন প্ৰধান মানুহ থাকিছিল। সেইয়ে সেই সকলৰ ওপৰত গৰাকি। জাতি ভেদে আৰু কাল ভেদে এই গৰাকিৰ বেলেগ বেলেগ নাম। বঙ্গাল দেশৰ উত্তৰ পূৰ্ব্ব অঞ্চলত কেঁাঁচ* নামে এজাতি মানুহ বাস কৰিছিল। এই জাতিৰ মানুহ অসম দেশৰ সকলো ঠাইতে পোৱা গলে সেই ঠাইত ইহঁতৰ বড় প্ৰভাৱ আছিল। প্ৰকৃতিৰ এনে নিয়ম দেখা গইছে যে প্ৰায় জাতিৰ লোকেই এবাৰ এবাৰ এই সংসাৰত প্ৰধান হয়। এই প্ৰধান হবৰে৷ আদি কাৰণ এই যে ক্ৰমে সেই সকলে পৰস্পৰ মিল হোৱাৰ নিমিত্তে সিহঁতৰ সকলো প্ৰকাৰৰ বল অধিক হয়। যেইকি প্ৰকাৰে নহওক সেই ঠাইৰ কেঁাঁচবিলাকৰ শক্তি ক্ৰমে বৃদ্ধি হোৱাত সিহঁতে ক্ৰমে ৰাজ্য বিস্তাৰিবলৈ ধৰিলে। যি কালত কমতাপুৰৰ শ্ৰীশ্ৰষ্ট হবলৈ ধৰে সেই কালত সেই ফালৰ কেঁাঁচ কুলীয়া “হাজো” “হাজি” বা “হাথিয়া” নামে এজন প্ৰধান লোক আছিল। সেই- জনেই সেই বিলাকৰ মাঝত প্ৰধান অথবা ৰজা আছিল। হাজোৰ হিৰা আৰু জিৰ| নামে দুজনী জীয়েক আছিল। সেই দুইও জনী আবিয়ৈ হই থকাত সিহঁতৰ দুইৰে৷ দুটি ল’ৰা অলপ আগ পাছকৈ হ'ল। এনেৰূপে জনশ্ৰুতি আছে বোলে সেই দুৰ্যশৰ কাৰণ হোৱাত এদিন হাজীয়ে চিন্তা কৰি থকাত এনে দৈববাণী হ’ল বোলে তেওঁৰ জীয়েক দুজনীত শিৱৰ সংসৰ্গৰ পৰা সেই সন্তান হইছে।+ হিৰাৰ পুতেকৰ

কাৰো কাৰো মতে মেছ বা কছাৰী।

  • এই কথা যে বিশ্বাস কৰিব নোৱাৰি এইটী কোনে নপতিয়াব? সকলো দেশৰ

যি ৰজা সকলৰ হীন জাতি বা কুলৰ পৰ৷ উৎপত্তি বা জন্মৰ বিষয়ে যাৰ সংশয় সে