পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অধ্যায় সকল ছমাহমান ক্ষেতি কৰি খাই বই থাকিল। পাছে আটাই কৈইজন ভূঁয়াই আপনাৰ পৰিয়াল বিলাকক আনিবলৈ গ'ল। দেশৰ পৰা ঘুৰি অহাত সেই গৌড়েশ্বৰে শিৰোমণি চণ্ডীববক ক্ৰোধ কৰি বন্দী কৰি থ’লে। এইৰূপে কিছুদিন থকাত কাশীৰ এজন পণ্ডিত সেই ৰজাৰ দেশলৈ আহিল। এওঁয়ে সইতে বাদ কৰিবলৈ কোনো মানুহ নাইকিয়াত তেওঁ ঘূৰি যাবৰ সময়ত চণ্ডীবৰৰ বুজ পাই তেওঁক ৰজাৰ দ্বাৰা কাৰাগাৰৰ পৰা মুক্ত কৰালে। তাৰ পাছে দুইও বাদ কৰিলত কাশীৰ পণ্ডিত পৰাস্ত হই ভটিয়াই গ'ল। গৌড়েশ্বৰ ধৰ্ম্মনাৰায়ণ ৰজাই সন্তোষ পাই বটা বাহন দি চণ্ডীবৰ প্ৰমুখ্যে ভূঁয়া সকলক নাও মাঝি দি কামৰূপত থোৱালে। পাইমাগুৰী গাঁওত আকৌ তেওঁবিলাক থাকিল। এবাৰ ব্ৰহ্মপুত্ৰৰ জান এটা বাউসী পৰগণাৰ গন্ধৰ্ব্ব ৰায় চৌধুৰীয়ে বন্ধোৱাত জান নৰয়। পো চণ্ডীবৰে বড় প্ৰবন্ধেৰে সেই জান বন্ধোৱাত জল ৰ’ল। ইয়াতে ৰাইজে সন্তোষ হই চণ্ডীবৰক আশীৰ্ব্বাদ কৰিলে। কিছুমান দিনৰ মূৰত তেওঁৰ এটি পুত্ৰ হোৱাত তেওঁৰ নাম ৰাজধৰ থলে। ভূঁয়া সকলে সেই ঠাইত ৰজাৰ সুখ দুঃখ চাই থকাত আঘোন মাহত ভোটৰ উপদ্ৰৱ হ’ল। গন্ধৰ্ব্ব ৰায় পলাই দক্ষিণ পাৰলৈ আহিল। আন আন অনেক লোকৰ লগত ৰাজধৰক ভোটে ধৰি নিলে। কিন্তু চণ্ডীবৰে খেদি গই সকলোকে উদ্ধাৰ কবি আনিলে। ভোটহঁতে এই কথাত বড় ক্ৰোধ কৰাত ৰাইজে কলে বোলে আমি ভোটৰ দ্ৰোহী নহওঁ। এই আলচ শুনি ভূয়া সকলে বিৰক্তি পাই বুলিলে আমি যাৰ হিত চিন্তিলোঁ সেইয়ে যেতিয়া আমাৰ প্ৰতি ইমান অসজ আলচ পাতিলে এই দেশত থকা ভাল নহয়। ইয়াৰ পাছত সেই ঠাই এড়ি কাজালি মুখেৰে সোমাই ভলুক৷ গুৰীত কিছু দিন থাকি উত্তৰ পাড়ে কুঠাৰ ডুৰী ফোঁটা শিমলুতলত ৰ'ল গই। তাতো আছল পাই শিঙ্গাবিৰ ওচৰে ৰটাত চাৰি কেঁাঁট মাৰি থাকিল। কিছু দিনৰ মুৰত ভোটে ইয়াত আক্ৰমণ কৰাত তিন দিন যুদ্ধ কৰি ভোটক হৰুৱালে। এই সময়তে চণ্ডীবৰৰ মৃত্যু হ’লত ৰাজধৰ শিৰোমণি ভূঁয়া হ’ল। এই ৰাজধৰেই শঙ্কৰদেৱৰ প্ৰপিতামহ। যি কেঁাঁচ জাতিৰ ভয়ত দুল্ল ভ নাৰায়ণে দূৰণিৰ ৰাজ্য ৰাখিবলৈ বাৰ ভূয়াক পাতিলে সেই জাতিৰ