পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী ব্ৰাহ্মণ সাতজনৰ তাৰ পাছদিন। দুইও সখি কৰি সন্ধি কৰিলে। আৰু গৌড়েশ্বৰে দেশৰ বয় বাৰ্তা লই থাকিবলৈ সাত ঘৰ ব্ৰাহ্মণ আৰু সাত ঘব শূদ্ৰ দিলে। এইকেইজন প্ৰধান বাৰ জনক ববিভূয়৷ বোলে। নাম এই ঃ—কৃষ্ণ পণ্ডিত, বঘুপতি, বামবৰ, লোহাৰ, বয়ন, ধৰম আৰু মথুবা। কায়স্থ সাতজনৰ নাম এই এইঃ – হৰি, শ্ৰীহবি, শ্ৰীপতি, শ্ৰীধৰ, চিদানন্দ, সদানন্দ আৰু চণ্ডীবৰ। এই সকলোৰে মাঝত চণ্ডীবৰক বড় বিদ্যাৱন্ত আক বুদ্ধিমান দেখি গৌড়েশ্বৰে তেওঁকে শিবোমাণ ভূঁয়া পাতিলে। আৰু এই বুলি কলে বোলে সখিৰ দেশত ভালে থাকিব৷ আৰু বছৰি একোবাৰ আহিবা। এই চণ্ডীবৰ দেবী পূজক আছিল গুণে তেওঁৰ আক এটি নাম দেবীদাস। এইজনা ধৰ্ম্মনাৰায়ণ গৌড়েশ্বৰ কৰ তাৰ একো নিৰ্ণয় কৰিব নোৱাৰি। কিয়নো যি সময়ত এই ঘটনা হয় সেই সময়ত গৌড়দেশ মুসলমান ৰজাৰ অধিকাৰ আছিল। মহানদীৰ ওচৰত ৰণ হোৱাক চাই হলে বঙ্গাল দেশৰ উত্তৰ ফালৰ অৰ্থাৎ পুৰণীয়৷ অঞ্চলব ধৰ্ম্মনাৰায়ণ কোনো সামান্য ৰজা হ’ব পায়। গৌড়দেশত মুসলমান বিলাকৰ আধিপত্য হোৱাত কোনো হিন্দু ক্ষুদ্ৰ ৰজাই গৌড়েশ্বৰ নাম লই সেই ক্ষুদ্ৰ প্ৰদেশ শাসন কৰিছিল। চণ্ডীবৰ, ৰামবৰ, লোহাৰ, বয়ন নামৰ দ্বাৰাও সেইটি অনুভব হয়। বিশেষ ব্ৰাহ্মণ থাকোঁতে কায়স্থ চণ্ডীবৰক শিৰোমণি ভূঁয়া পতাত সেই কায়স্থ কেইজন বিখ্যাত “লালা কায়েথ” এনে মনে ধৰে।* দুল্লভ নাৰায়ণে নিশ্চয়ে জানিছিল যে চুবুৰীয়৷ কেঁাঁচবিলাকৰ পৰা তেওঁৰ ৰাজ্যৰ বিপ্লব হ’ব। সেই নিমিত্তে দূৰণি ঠাইত এই নকৈ মিত্ৰ কৰি পোৱা মানুহ খিনি পাতিবলৈ ইচ্ছা কৰি বড় নদী আৰু হাজোৰ মাঝতে লেঙ্গা মাগুৰীত বেটী, বন্দী, মাটি বাড়ী দিলে।+ ইয়াত সেই 9

যুদ্ধ কৰিবলৈ আহোঁতে ই যে লোক দিলে এনেতে এনে অনুমান হয়, যে সেইসকল ৰজাৰ লগত অহা কোনো সেনাপতি হব পায়। ↑ এই দূৰণি ঠাইত এই বীৰপুৰুষ কেইজনে থাকি দেশ সুখীয়া কৰিব পাৰিব তেওঁৰ এই আশা আছিল।