এই তীৰ্থ যাত্ৰা কেৱল ছল মাত্ৰ আছিল। তেওঁ গঙ্গা স্নান কৰি গৌড় নগৰৰ হুসেনশা নবাবৰ তলৈ গই ৰাজ্যৰ দুৰ্ব্বলতা জনোৱাত নবাবে অনেক সৈন্য পঠালে। সেই সৈন্যে সইতে কমতেশ্বৰৰ ঘোৰ যুদ্ধ হ’ল। বাৰ বছৰ এই ৰণ থাকে। তেও কোনেও কাকো পৰাস্ত কৰিব নোৱাৰিলে৷ পাছে মুসলমান বিলাকে কেতবিলাক দোলাৰ ভিতৰত অস্ত্ৰে সইতে সিপাহী থই এনে ৰূপে নীলাম্বৰৰ তলৈ সম্বাদ পঠালে বোলে এতিয়া তেওঁ বিলাকে ৰণ এড়ি ভাটীলৈ যাব। কিন্তু তাৰ পূৰ্ব্বে ৰাণীয়ে সইতে তেওঁ বিলাকৰ তিৰুতা সকলে সাক্ষাৎ কৰি চিনা পৰিচয় হ’ব খোজে। নীলাম্বৰে এই কথাত মান্তি হোৱাত পাছদিনা নগৰৰ ভিতৰলৈ দোলাবোৰ আহিবলৈ আজ্ঞা দিয়া হ'ল। পাছে যেতিয়া সকলো দোলা আহিল তাৰ পৰা অস্ত্ৰধাৰী সৈন্য বিলাক ওলাই একেবাৰে নগৰ অধিকাৰ কৰি ৰজাক বন্দী কৰিলে। কোনোএ কয় বোলে সেই ৰজাক বন্দী কৰি গৌড় দেশলৈ লই গল। আৰু কোনোএ কয় বোলে তেওঁক মাৰিলে। আৰু কোনোএ কয় বোলে ৰজা প্ৰাণ ৰাখি পলাই গ'ল। সেই বিলাক যেই বা নহওক এইটি নিশ্চয় যে মুসলমান-বিলাকে সেই নগৰ অধিকাৰ কৰিলে নীলাম্বৰ ৰাজ্য ভ্ৰষ্ট হ'ল। আৰু ১৪২০ শঁকত কমতাপুৰত মুসলমানৰ জয়পতকাউঠিল। পাছে এনেহে যে যি কমতাপুৰ ১২ বছৰ ৰণ কৰিও মুসলমান বিলাকে ল’ব পাৰা নাইকিছিল তাৰ এতিয়া নামেই নাই আৰু চিনো নাই। ইয়াৰ পাছে মদন চন্দন নামে দুই ভাইয়েক কমতাপুৰৰ ওচৰতে এক নগৰ কৰি কেইব৷ বছৰমান ৰাজত্ব কৰে।
গুৰুজনৰ কথা চৰিত্ৰ নামে এক গদ্য পুথীত এইৰূপে লেখিছে। কমতাপুৰত দুৰ্ল্লভ নাৰায়ণ নামে এজনা ৰজা আছিল।[১] মহানন্দা বা মহানদীৰ সিপাৰে ধৰ্ম্মনাৰায়ণ নামে গৌড় দেশৰ ৰজাৰে সইতে দেশ লোৱাৰ নিমিত্তে তেওঁৰ ঘোৰ যুদ্ধ হইছিল। কেইবা দিনো যুদ্ধ হই অনেক লোক নষ্ট হ'ল। পাছে দুইও জনে এদিনা ৰাতি স্বপ্ন দেখি
- ↑ এই দুৰ্ল্লভ নাৰায়ণ কোন বংশৰ ৰজা তাৰ নিৰ্ণয় নাই। কোনোএ কয় পাল বংশৰ কোনোএ কয় জীতাৰী বংশৰ।