পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী মন্ত্ৰণাৎ পালবংশৰ শেষজনা ৰজা অতিশয় দুৰ্ব্বল হোৱাত তেওঁক ভাগি সেই গবথীয়াই ৰজা হ’ল। এইটি সম্পূৰ্ণ কাল্পনিক কথা। ভাৰতবৰ্ষৰ মধ্য প্ৰদেশত এক ৰাজ্যত খ্ৰীষ্টৰ চতুৰ্দ্দশ শতাব্দিত এইৰূপ এক আখ্যান থক৷ এজনা ৰজা হইছিল আৰু সেই বাজ্যক “ব্ৰাহ্মণ ৰাজ্য” বুলিছিল। প্ৰকৃতে হলে বজাৰ দৌৰ্ব্বল্য আৰু প্ৰজ৷ বিলাকৰ পৰস্পৰ বিৰোধ হোৱাত এজন অজ্ঞাতকুলশীল মানুহ ৰজা হোৱা কথাই এই কাহিনীৰ মূল। এইজনা ৰজাই পূৰ্ব্বৰ প্ৰতিজ্ঞা অনুসাবে সেই বাপুক মন্ত্ৰী পাতিলে। আৰু তেওঁৰ মন্ত্ৰণাৰে সকলে৷ কাৰ্য্য কৰিছিল। এওঁ. নীলধ্বজ নাম ললে আৰু বৈদিক আচাৰ অনেক প্ৰবৰ্ত্তালে। মিথিল৷ দেশৰ পৰ৷ অনেক ব্ৰাহ্মণ অনাই পাতিলে। আৰু পুৰণি নগৰ গুছাই কমতাপুৰ নামে এখান নগৰ পাতিলে।* আৰু আপুনি কমতেশ্বৰ উপাধি ল'লে। সেই বজাই আপোনাৰ কুলীয়া খেন বিলাকক “সচ্ছুদ্ৰ” বা ভাল শূদিব বুলি প্ৰকাশকৰি দিলে। নীলধ্বজৰ পাছত তেওঁৰ পুতেক চক্ৰধ্বজ আৰু তেওঁৰ পাছত নীলাম্বৰ কমতাপুৰৰ ৰজা হয়। ঘোড়া ঘটৰ গড় আৰু আন আন অনেক আলি এইজনাই নিৰ্ম্মাণ কৰে। নীলাম্বৰ ৰজাৰ ৰাণীৰ প্ৰতি তেওঁৰ মন্ত্ৰীৰ পুতেকৰ আসক্তি আছিল। ইয়াক ৰজাই ভু পাই এদিনা সেই মন্ত্ৰীৰ পুতেকক ধৰাই বধ কৰালে। আৰু তাৰ মাংস বন্ধাই মন্ত্ৰীক খুৱালে। তাৰ পাছত সেই পুতেকৰ মূৰ তেওঁক দেখালে আৰু মন্ত্ৰীয়ে কি খালে আৰু পুতেকৰ অপৰাধৰ কথা ৰজাই মন্ত্ৰীৰ অগিত পাছে কোৱাত মন্ত্ৰীয়ে দোষ চাই দণ্ড হইছে বুলি কই ঘৰলৈ আহিল। পতিত সংসৰ্গৰ নিৰ্মত্তে প্ৰায়শ্চিত্ত হই সেই পাপ মোচনৰ অৰ্থে মন্ত্ৰী গঙ্গাতীৰলৈ গ'ল।+ ৩৪

  • মেং ৰবিনসনে এই কথা লেখিছে। পাছত দেখা যাব যে ১২২০/৩০ শুঁকতো

কমতাপুৰ নগৰ আছিল সেই কাৰণে এনে অনুমান হয় যে আগৰ কমতাপুৰকে বিস্তাৰ কৰি নীলধ্বজে নিৰ্ম্মাণ কৰিলে আৰু বিস্তৃত খণ্ডৰো নাম কমতাপুৰ থলে। এই ঘটনা ১২৫০-৬০ শকত হোৱা অনুমান হয়। ↑ কোঁচবেহাৰৰ ৰজা সকলৰ মাঝতো এনে এটি আখ্যান চলতি আছে।