পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অধ্যায় কৰে, কিয়নো সন্ন্যাসী বিলাকৰ ‘প্ৰায় শিৱই ইষ্ট দেৱতা। কামৰূপৰ এই নামনি খণ্ডকেই আমাৰ দেশত বড় ছেড়ী দেশ বোলে। কোনে৷ বুৰঞ্জীৰ মতে জীতাৰীএ ৬২ বছৰ আৰু তেওঁৰ পুত্ৰ সুবলিকে ১০৫ বছৰ ৰাজত্ব কৰে। এওঁৰ পাছত পদ্মনাৰায়ণ, চন্দ্ৰ নাৰায়ণ, মহেন্দ্ৰ নাৰায়ণ, গজেন্দ্ৰ নাৰায়ণ, ৰাম নাৰায়ণ, জয় নাৰায়ণ, খোব নাৰায়ণ আৰু ৰামচন্দ্ৰ প্ৰত্যেকে ১০৫ বছৰ ৰাজত্ব কৰে। ৰামচন্দ্ৰৰ দিনতে এই বংশ লোপ পায়। কিন্তু ইয়াৰ সময় নিৰ্ণয় কৰা অতি কঠিন। আৰু যি ৰূপে লেখিছে তাক বিশ্বাস কৰাও টান। ৩৩ এই দেশত পৃথু নামে এজন৷ ৰজাও আছিল, এওঁৰ আৰু এওঁৰ পৰিবাৰ সকলৰ অনেক, কীৰ্ত্তি ৰঙ্গপুৰ অঞ্চলত আছে। ধৰ্ম্মপাল নামে এজনা ৰজাৰে৷ নাম পোৱা যায়। এইজনা ৰজাই এই দেশৰ ব্ৰাহ্মণক দিয়া বৃত্তি আছে। কামৰূপ জিলাৰ শুৱাল কুচিৰ “বাশৰীওয়৷ ব্ৰাহ্মণ” নামে খ্যাত থকা ব্ৰাহ্মণ সকলৰ ভূমি বৃত্তি এই ধৰ্ম্মপাল ৰজাই দিয়া। এতিয়াৰ তেজপুৰলৈকে এইজনা ৰজাৰ আধিপত্য থকা সুন্দৰে জানিব পৰা গইছে। কোনো কোনোৱে এনে ভাবে যে বঙ্গদেশত পালবংশৰ নাশ হোৱাৰ পাছত সেই বংশৰে কোনো এজনাই কামৰূপৰ পশ্চিম ভাগত অৰ্থাৎ এতিয়াৰ ৰঙ্গপুৰৰ বগুৰা মহকুমাৰ কোনো ঠাইত নগৰ কৰিছিল। আৰু সেই বংশৰে সেই ধৰ্ম্মপাল ৰজা। সেই ঠাইত এজন ব্ৰাহ্মণৰ এটা গোৰক্ষক আছিল। তাৰ স্বভাৱ বড় অশান্ত আছিল। আৰু সি সকলোৰে অন্যায় কৰিছিল। পাছে এদিনা সেই ল’ৰা পথাৰৰ পৰা নহাত বাপুয়ে বিচাৰি গই দেখিলে সি এজোপা গছৰ তলত শুই আছে আৰু মূৰত অলপ ৰ’দ পড়াত এটা ফেঁট গোম সাপে ফেঁট মেলি ছাঁদিছে। ইয়াকে দেখি বাপুয়ে ভয় খালে। বাপুক দেখি সাপ লব মাৰি পলাল। পাছে বাপুয়ে ল’ৰাৰ ওচৰলৈ গই দেখিলে তাৰ ভৰিত অষ্ট দল পদ্ম ত্ৰিশূল আৰু পদ্মখো আছে। ইয়াকে দেখি বাপুয়ে তাক জগাই ঘৰলৈ লই গ'ল। আৰু হীন কৰ্ম্ম কৰিবলৈ নিষেধ কৰিলে৷ আৰু এদিনা তাক এই বুলি প্ৰতিজ্ঞা কৰালে যে যদি সি কেতিয়াবা ৰজা হয় তেওঁক মন্ত্ৰী পাতিব। কালক্ৰমে সেই ব্ৰাহ্মণৰ