পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী হলে নদীত পড়ি উটি যোৱাৰ পাছত তেওঁ কোনো ঠাইত গই মৃত্যু হল। ইফালে তেওঁৰ স্থাপিত নগৰ কছাৰী বিলাকে আক্ৰমণ কৰি অধিকাৰ কৰিলে। কামৰূপৰ ডিমৰুৱাৰ ৰজা এই আড়িমও ৰজাৰ কোনে৷ পুত্ৰৰ সন্তান বুলি কয়। এই পৰ্যন্ত সেই ডিমৰুৰ ৰজাৰ বংশ সকলে প্ৰকৃত প্ৰস্তাবে আপনাৰ পূৰ্ব্বপুৰুষৰ জন্মৰ সম্ভ্ৰমৰ অৰ্থে কিন্তু দেখাত হলে একে গোত্ৰ বা বংশ বুলি আড়িমাছ নে খায়। এইবিলাক ঘটনাৰ কাল নিৰ্ণয় কৰা কঠিন। ৩২ নাগশঙ্কৰৰ বংশ ধ্বংস হোৱাৰ পাছত উজনিত ছুটীয়া নামে এজাতি মানুহৰ প্ৰাধান্য হয়। ইহঁতৰ ৰজা শিৱৰ ভঁড়ালী কুবেৰৰ সন্তান। এইটো তদ্ৰূপ আন কথাৰ দৰে কাল্পনিক মাত্ৰ। ব্ৰহ্মপুত্ৰৰ বংশৰ শেষ কোনো এজন৷ ৰজাৰ ভাঁড়ালী বা লিগিৰী এজনে উজাই গই সেই জাতিক আক্ৰমি ৰাজত্ব কৰিলে। কালক্ৰমে এই বংশৰ লোপ হোৱাৰ পাছত এই বিলাকেই ৰজা হ’ল। পাছত আহোম বিলাকে ছুটীয়া ৰাজ্য লোৱাত তাৰে অনেকে গই সেই দৰঙ্গ জিলাৰে এফালে ছুটীয়া প্ৰদেশ পাতিলে। ছুটীয়া জাতি প্ৰধান হই স্বতন্ত্ৰ বজাৰ অধীন হোৱাত সিহঁতে সমুদায় উত্তৰ পাৰ লইছিল। পাছে ক্ৰমে সিহঁতৰ পৰাক্ৰম হ্ৰাস হই যোৱাত সিহঁতৰ নিমিত্তে মুঠে সেই পূৰ্ব্বৰ ঠাই খিনিহে ৰ'ল। যেতিয়া আহোম বিলাক এই দেশলৈ আহে তেতিয়া সিহঁতৰ পূৰ্ব্বৰ ঠাইতহে পালে। ওপৰত কোৱা বিবৰণ দ্বাৰা কামৰূপৰ উজনি অঞ্চলৰহে অলপ বিবৰণ জানি। নামনি খণ্ডৰ বিষয়ে বেলেগ কথা আছে। কামৰূপৰ নামনি খণ্ডত জীতাৰি নামে এজনা ক্ষত্ৰিয় সন্ন্যাসী ভাটীৰ পৰ৷ আহি ৰজা হইছিল। এওঁ পশ্চিম প্ৰদেশৰ লোক। এওঁৰ দিনতে কামৰূপৰ গুৱাহাটী একেবাৰে পৰিত্যাগ কৰা হয়। তেওঁৰ নিজৰ দেশৰ ওচৰলৈ ভাটীয়াই এওঁ নগব নিলে। কিন্তু কলৈ নিলে ইয়াক কব নোৱাৰি। এওঁ আৰু এওঁৰ পাছত জল্পেশ্বৰ নামে এজনা ৰজা হয়। তেওঁৰ ৰাজধানী এতিয়াৰ জলপাইগুৰী য'ত জল্পেশ্বৰ নামে দেৱালয় আছে ত’ত আছিল। এই জনা ৰজাই জল্পেশ্বৰ দেৱালয় স্থাপন কৰে। আৰু শিৱৰ পূজা প্ৰচাৰ