পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অধ্যায় এতিয়াব দুৰ্বঙ্গ জিলাত নাগশঙ্কৰ নামে এক শিৱৰ দেৱালয় আছে। নাগাক্ষ নামে ৰজাই এই দেৱালয় প্ৰতিষ্ঠ৷ কৰে। ওপৰত কোৱা নাগশঙ্কৰ ৰজাই যে এই নাগাক্ষ ৰজ৷ এইটী বিশ্বাস কৰিবলৈ বহু কাৰণ পোৱা যায়। নাগশঙ্কৰ দেৱালয়ৰ ওপৰৰ প্ৰতাপপুৰ বা প্ৰতাপগড়ত এই জনা ৰজাৰ নগৰ থকা বুলি কয়। সেই হলে নাগশঙ্কৰ ৰজাৰ ৰাজধানী সেই ঠাইতে আছিল শকাদিত্যৰ শকৰ তিনিশ বছৰ মানৰ পাছত এই জনা ৰজা হয়। তেওঁৰ বংশৰ কেইব| জনাও ৰজা হই যোৱাৰ পাছত সেই বংশৰ নাশ হয়। এই বংশৰ ৰজাবিলাকে প্ৰায় ৪০০ বছৰমান ৰাজত্ব কৰে। কামৰূপৰ এই বংশৰ বজাবিলাকে দৰঙ্গ জিলাত থকা বুলি অনুভব হয়। ব্ৰহ্মপুত্ৰৰ দিক্ষণ কূলত আৰিমত্ত নামে এক ৰজাৰ বিবৰণ পোৱা যায়। এনে প্ৰবাদ আছে বোলে প্ৰতাপপুৰৰ কোনে৷ ৰজাৰ ৰাণীৰে সইতে ব্ৰহ্মপুত্ৰৰ গুপ্ত সমাগম হোৱাত এইজন৷ ৰজাৰ জন্ম হয়। এওঁৰ আকৃতি আড়ি মাছৰ সদৃশ খকাত এওঁৰ নাম আড়িমাও দিয়া হল। এওঁ দক্ষিণ কূলত আহি ৰাজ্য স্থাপন কৰে। এই কথা জনশ্ৰুতি মাত্ৰ প্ৰকৃতে এই অনুমান হয় যে নাগশঙ্কৰ বা নাগাক্ষ ৰজাৰ বংশৰ কোনো এজন৷ ৰাণীৰ জাৰজ সন্তান এটি সেই বংশৰ ধ্বংসৰ কিঞ্চিৎ কাল পূৰ্ব্বে প্ৰতাপগড়ৰ পৰা আহি, দক্ষিণ কুলৰ অনেক ভাগ কছাৰী আৰু জয়ন্ত৷ ৰজাৰ পৰা লই অধিকাৰ কৰে৷ এওঁৰ অধিকাৰ গুৱাহাটীৰ ওচৰৰ ৰাণীৰ পৰা নগাওঁৰ ৰহা পৰ্য্যন্ত বিস্তাৰ আছিল। এওঁৰ জোঙ্গাল বলহু নামে এক পৰাক্ৰমী পুত্ৰ আছিল। কছাৰী ৰজাই সইতে সদাই ৰাজ্যৰ নিমিত্তে বিৰোধ লাগি থকাত তেওঁ এটি গড় নিৰ্ম্মাণ কৰে। সেই গড়ৰ ভগ্নাবশেষ এতিয়াও নগাওঁৰ শহৰী মৌজাত আছে। ইয়াকে জোঙ্গাল বৰ্লহুৰ গড় বুলি কয়। জোঙ্গাল বলহুয়ে সইতে যুদ্ধত নোৱাৰি কছাৰী ৰজাই সন্ধি কৰে আৰু এজনী ৰাজকুমাৰী জোঙ্গাল বলহুক বিবাহ দিয়ে। কিছুকালৰ পাছত এই কছাৰী ৰাজকুমাৰীৰ ষড়যন্ত্ৰত কছাৰী ৰজাই সইতে কাপিলীৰ তীৰত ‘এক যুদ্ধ হয়। তাতে জোঙ্গাল বলহু পৰাস্ত আৰু ক্ষত বিক্ষত হই কিলিঙ্গ নদীত পড়ি উটি যায়। এই ঘটনাৰ পৰাই এনে কথা কোৱা আছে বোলে তেওঁ “ৰহাত ৰহিল জাগিল ব'হাত বহিল।” প্ৰকৃত পক্ষে es