পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী বৃত্তি বিধান দিছিল৷ ৫৬৫ শুঁকত কনৌজপুৰ বা কান্যকুব্জত যি এটী বৌদ্ধধৰ্ম্মোৎসব হয় তালৈ ভাস্কৰ বৰ্ম্মা পাটলিপুত্ৰ বা পাটনাৰ চক্ৰৱৰ্ত্তী হৰ্ষবৰ্দ্ধন নামে ৰজাৰ লগত খোৱাও জন৷ গইছে। সেই সময়ত কামৰূপত হিন্দু দেৱতাৰ মন্দিৰ অনেক আছিল। বৌদ্ধ মন্দিৰ এটা মাত্ৰ আছিল। হাজোৰ দেৱালয়কে ভ্ৰমণকাৰীয়ে লক্ষ্য কৰা অনুমান হয়। কামৰূপৰ প্ৰজা সকলো প্ৰায় হিন্দু ধৰ্মাবলম্বী আছিল। বৌদ্ধ সকলে সেই মন্দিৰলৈ গই উপাসনা কৰিছিল। আৰু ধৰ্ম্ম শিক্ষাৰ নিমিত্তে প্ৰয়াগৰ ওচৰৰ নালিন্দ৷ নামে ঠাইলৈ গইছিল। হিয়ান সাঙে কইছে বোলে কামৰূপৰ মাটী উৰ্ব্বৰা আৰু দ। কঠাল আৰু নাৰিকল এই দেশত যথেষ্ট পোৱা যায়। ইয়াৰ লোক সকলে এই ছবিধ ফল বড় আদৰেৰে খায়। ইয়াৰ জল আৰু বায়ু স্বাস্থ্যকৰ। ইয়াৰ লোক সকল কটীয়া আৰু দেখিবলৈ ভয় লগা হলেও ইহঁতৰ স্বভাব ভাল। ইহঁতৰ বিদ্যাৰ প্ৰতি উৎসাহ প্ৰৱল। কামৰূপৰ ভাষা মধ্য ভাৰতবৰ্ষৰ লোক সকলৰে স্বতন্ত্ৰ হিয়ান সাঙে আৰু কইছে বোলে কামৰূপৰ ৰাজধানীৰ পৰিধি ৫ কি. ৬ মাইল আৰু দেশৰ পৰিধি প্ৰায় ২০০০ মাইল। কামৰূপৰ পূৰ্ব্ব সীমাতে চীন দেশৰ হু নামে এজাতি লোক বাস কৰে। সেই ঠাইলৈ যোয়৷ বাট অতি দুৰ্গম, প্ৰায় দুমাহ লাগে। কামৰূপৰ পূৰ্ব্ব দক্ষিণ সীমাত বনৰিয়৷ হাতী বিস্তৰ। হিয়ান সাঙে লেখিছে বোলে ব্ৰাহ্মণ জাতিৰ ৰজাই অনেক দিন ৰাজত্ব কৰিছে। হিয়ান স্নাঙৰ এই বিবৰণ পাঠ কৰি ১৩০০ বছৰ পূৰ্ব্বে দেশৰ কেনে অৱস্থা আছিল জানিব পাৰি। অতি অলপতে নগাওঁৰ এঠাইত এখান তামৰ ফলী ওলাইছিল তাতে৷ বৰ্ম্ম৷ উপাধিৰ কোনো বজাই কোনো ব্ৰাহ্মণক ভূমি দান কৰাৰ বিবৰণ পোয়া গইছে। ইয়াৰ দ্বাৰা জনা যায় যে কামৰূপত ব্ৰাহ্মণ জাতিৰ ৰজা আছিল। সেই ৰজায়ে এই ব্ৰাহ্মণ বংশৰে ইয়াত সন্দেহ কৰিব লগীয়া নাই। হিয়ান সাঙে এই দেশলৈ অহাৰ সময়ত এতিয়াৰ সমুদায় আসাম ৰাজ্য ব্ৰাহ্মণ বংশৰ ৰজাৰ অধীন আছিল। এওঁ বিলাকৰ অধীনে অনেক ক্ষুদ্ৰ ক্ষুদ্ৰ ৰজা আছিল। চিৰকাল কোনো কথাই স্থিৰ নাথাকে। এই বংশৰ ৰজা সকল দুৰ্ব্বল হল আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ ৰজা সকলৰ ক্ষমতা বৃদ্ধি হলএ এই বংশ লোপ পালে। কিন্তু কি ৰূপে কেতিয়া লোপ পালে নিশ্চয় নাই। . Jo