সমললৈ যাওক

পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯
তৃতীয় অধ্যায়

দেশত প্ৰচাৰ কৰে। আৰু মন্দিৰৰ প্ৰতিও মন দিয়ে। বৌদ্ধ বিলাকৰ প্ৰভাব তেতিয়া লৈকো নিঃশেষ হোৱা নাছিল। যদিচ তেওঁ কৃতকাৰ্য হব নোৱাৰিলে তথাপি লোপ হব খোজা পূজা আৰু ধৰ্ম্মৰ প্ৰতি আস্থা প্ৰদান কৰাতে তেওঁৰ নাম বিখ্যাত হল। এওঁৰ পাছতো কোন কোন ৰজা কেতিয়া হয় তাৰ বিবৰণ পোৱা না যায়। কেৱল এই মাত্ৰ অনুমান হয় যে বৌদ্ধাচাৰি কোনো বজাৰ বংশে ইয়াত ৰাজত্ব কৰে। পাছে বৌদ্ধধৰ্ম্ম কালক্ৰমে এই দেশব পৰা লোপ হই যাবলৈ ধৰা সময়ত আৰু তাৰ পাছত ঠাইয়ে ঠাইয়ে সৰু সৰু ৰজাৰ ৰাজত্ব হোৱাৰ অনুমান হয়।

 কৰতোয়া নদীৰ পৰা জন্ম হোৱা নাগশঙ্কৰ নামে এজনা ব্ৰাহ্মণ ৰজাৰ নাম ৰবিনসন সাহাবে লেখিছে। এইটী তেওঁ যোগিনী তন্ত্ৰৰ পৰা পোৱ৷ লেখে। এই জনা ৰজাৰ বিষয়ে সংশয় জন্মে। এই বিবৰণ আছে যে ব্ৰহ্মপুত্ৰৰ বংশও কামৰূপত ৰাজত্ব কৰিছিল। অনুমান হয় এই ব্ৰহ্মপুত্ৰৰ বংশই কৰতোয়াৰ বংশ বুলি পৰিচয় হইছে। এই বংশৰ আদি উৎপত্তি বিষয়ে এনে কথা প্ৰচাৰ আছে বোলে এজনা ব্ৰাহ্মণৰ যুবতী কন্যা এদিনা ব্ৰহ্মপুত্ৰ স্নান কৰিবলৈ যোৱাৰ পাছত তেওঁৰ এটি পুত্ৰ জন্মে সেই পুত্ৰই কামৰূপৰ ৰজা হয়। এই ৰজাৰ নাম কি কত আছিল একো মীমাংসা কৰিব নোৱাৰি। ওপৰত কোৱা কৰতোয়া নদীৰ পুত্ৰই যে এই জন ৰজা এনে, অনুমান হয়। ফলিতাৰ্থে এই কথাটি মুঠে কাল্পনিক কথা মাত্ৰ। কোনো এজনা অজ্ঞাতকুলশীল জাৰজ ব্ৰাহ্মণ সন্তানেই যে ৰজা হইছিল এইহে নিশ্চয়। কামৰূপত যে ব্ৰাহ্মণ বংশৰ ৰজা হৈছিল এইটো নিশ্চয়। শকাব্দা ৫৫১ শঁকত চীন দেশৰ হিয়ান সাঙ নামে এজনা ভ্ৰমণকাৰী বৌদ্ধ তীৰ্থযাত্ৰা উপলক্ষে কাবুলৰ বাটেৰে ভাৰতবৰ্ষলৈ আহে তেওঁ ৫৬০-৬১ শঁকত কামৰূপলৈ আহে। এই দেশক চীন ভাষাত “কিয়ামলুপ” বুলি লিখিছে। এখান বৰ নদী অৰ্থাৎ ব্ৰহ্মপুত্ৰ পাড় হই হিয়ান সাঙ কামৰূপৰ ৰাজধানী এতিয়াৰ গুৱাহাটী সেই সময়ৰ প্ৰাগজ্যোতিপুৰলৈ আহে। এতিয়া গুৱাহাটী যেনে ব্ৰহ্মপুত্ৰৰ দুইও পাড়ে সেই সময়তো দুইও পাড়ে ৰাজধানী আছিল। সেই সময়ত ব্ৰাহ্মণ জাতিৰ কুমাৰ ভাস্কৰ বৰ্ম্মা কামৰূপৰ ৰজা আছিল। এওঁ ব্ৰাহ্মণ হইও বৌদ্ধ ধৰ্ম্মৰ প্ৰতি বিদ্বেষ নকৰিছিল।