পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আগাম বুৰঞ্জী ভাৰতবৰ্ষৰ কপিলাবস্তু নামে ঠাইত শাক্যসিংহে বৌদ্ধধৰ্ম্ম প্ৰচাৰ কবি মৃত্যু হয়। তেওঁৰ ধৰ্ম্ম ভাৰতব অধিকাংশ ঠাইত আক ব্ৰহ্মা, চীন প্ৰভৃতি দেশত ব্যাপ্ত হয়। অসন দেশতো সেই ধৰ্ম্ম প্ৰবৰ্ত্তে বৌদ্ধধৰ্মাবলম্বী পালবংশৰ ১৭ জনা বজাই কামৰূপত বাজত্ব কৰা জনা গইছে। তেওঁ বিলাকৰ নাম এই জয়ন্ত, চক্ৰপাল, ভূমিপাল, দক্ষপাল, প্ৰেমপাল, পক্ষপাল, চন্দ্ৰপাল, নাৰায়ণ পাল, মধু পাল, ইন্দ্ৰ পাল, সিংহ পাল, কৃষ্ণ পাল, সুপাল, গন্ধ পাল, মাধব পাল, শ্যাম পাল আৰু লক্ষ্মী পাল। এওঁ বিলাকৰ মাঝত লক্ষ্মী পালে ৭৭ বছৰ আৰু ই কেইজনৰ প্ৰত্যেকেই ১০৫ বছৰ ৰাজত্ব কৰা জানি। কিন্তু কোন জনে ক'ত কিৰূপে ৰাজত্ব কৰিছিল তাক নিশ্চয় কৰা কঠিন। লক্ষ্মী পালৰ পাছত হুবাহু নামে এজন৷ বজা হই আকৌ ১০৫ বছৰ ৰাজত্ব কৰে। এওঁ অপুত্ৰক থকাত তেওঁৰ মন্ত্ৰী সুমতি সিংহাসনত বহে। এই ৰূপে ৰাজত্ব কৰাৰ যি দীৰ্ঘকাল নিৰ্ণীত হইছে তাক বিশ্বাস কৰিব নোৱাৰি। বৌদ্ধধৰ্ম্মাবলম্বী পাল বংশৰ বজাই এই দেশত ৰাজত্ব কৰাৰ কথা জনা গইছে। এই কেই জনব মাজতেই যে কেইবা জন বৌদ্ধ ধৰ্ম্মৰ ৰজা এইটো অসম্ভব নহয়। এখান প্ৰাচীন বুৰঞ্জীত ধৰ্ম্ম পাল, ৰত্ন পাল, সোম পাল, প্ৰতাপ সিংহ, আভিমত, হিঙ্গুয়া, ৰত্ব সিংহ নামে কেই জন মান বজাৰ নাম পোৱা যায়। এই কেই জনাও ক’ত কেতিয়৷ ৰাজত্ব কৰে নিশ্চয় নাই। কামৰূপৰ লোহিত্যপুৰত মিনাঙ্ক ৰজাই ৫০ বছৰ, গজাঙ্ক বজাই ৫০ বছৰ, শুকবাঙ্ক বজাই ৪০ বছৰ, মৃগাঙ্ক বজাই ৫০ বছৰ ৰাজত্ব কৰে। তেওঁৰ পাছত ফিঙ্গুয়৷ নামে এজন৷ ৰজা হইছিল। এই জনা ৰজাৰ ৰাজত্বত মুসলমানৰ মছলন্দগাজি নামে এজন৷ নবাৱে লোহিত্যপুৰ আক্ৰমণ কৰি ২৫ বছৰ ৰাজত্ব কৰে। এই লোহিত্যপুব কোন ঠাইত নিৰ্ণয় কৰা টান। ফিঙ্গুয়া ৰজাই এতিয়াৰ কামৰূপ জিলাত বৈদব গড় নামে এঠাইত এক গড় নিৰ্মাণ কৰা বুলি প্ৰসিদ্ধ এতেকে সেই ঠাই এই যে লোহিত্যপুৰ এনে অনুমান কৰিব পাৰি। মুসলমানৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ফিঙ্গুয়৷ ৰজাই সেই গড় নিৰ্ম্মাণ কৰে এনে অনুমান হয়। 7 শকাদিত্যৰ শৰ্কৰ আৰম্ভতে দেবেশ্বৰ নামে এজন৷ ৰজা হয়। এওঁৰ নগৰ কত আছিল তাৰ একো নিশ্চয় নাই। এওঁ দেবীৰ পূজা ঘুৰি আকৌ