পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অধ্যায় ২৭ হয়, তাবে৷ কাৰণ এই যে, বৌদ্ধ বিলাকৰ দিনৰে পৰা দেবীৰ পূজাৰ প্ৰতি লোকব শ্ৰদ্ধ৷ নোহোৱাত মন্দিৰৰ তেনে দশা হইছিল। ইয়াৰ পূৰ্ব্বে অনেক প্ৰবল ৰূপে হিন্দু ধৰ্ম্ম চলতি হোৱাতো প্ৰায় শঙ্কৰদেৱৰ দিন লৈকে লোক বিলাক অনাচাৰী আছিল আৰু সেই দেখি সেই দিনত সেই লোকবিলাকক “বৌদ্ধ চাৰী” বুলি কইছিল। গুৰু কথা চৰিত্ৰ পুথীত লেখা আছে বোলে যেতিয়া শঙ্কৰদেৱে উজনিৰ বেলগুড়িৰ ধুঁৱাহুটা নামে ঠাইত থাকে তেতিয়া বৌদ্ধ মতৰ দুজন টাটকীয়৷ মানুহ লগ পাইছিল। সেই দুজনৰ এজনে ব্যাধি আৰু এজনে বেজ হই খাই ফুৰিছিল, পাছে তেওঁ পাষণ্ড মৰ্দ্দন নামে গীত লোকক শিকাই দিওৱাত সেই গীত সকলোৱে গাই ফুৰাত, সি দুজন বৌদ্ধে ভোটৰ দাঁতিপাৰে গ'ল। যি মগধ দেশত বৌদ্ধ ধৰ্ম্মৰ মূল উৎপত্তি হয় তাতো বৌদ্ধধৰ্ম্মক আশ্ৰয় কৰা লোক নাই কেবল বৌদ্ধ গয়া নামে ঠাইত বৌদ্ধৰ মন্দিৰ মাথোন আছে। শঙ্কৰাচাৰ্য্যৰ সময়ৰ পৰা যেতিয়া আকৌ হিন্দু ধৰ্ম্ম উজ্জ্বল হই চলিবলৈ ধৰিলে তেতিয়া সেই ধৰ্ম্ম একেবাৰেই দেশৰ পৰা গুছিল। সেইৰূপে ই দেশৰ পৰাও বৌদ্ধ ধৰ্ম্ম লোপ হল হয় তথাপি বৌদ্ধবিলাকৰ দেৱালয় হয়গ্ৰীব মাধব থকাত আমি কোৱা সময়ত যে এই ধৰ্ম্ম, যে প্ৰচাৰ আছিল তাৰ কোনো সংশয় নাই। আমাৰ ই দেশৰ কেতবিলাক আচাৰ ব্যৱহাৰৰ দ্বাৰাইও বৌদ্ধ মত ই দেশত চলতি থকাৰ প্ৰমাণ পোৱা যায়। ইয়াৰে কেতবিলাক আচাৰ ব্যৱহাৰৰ আন আন কাৰণ বা অভিপ্ৰায় থাকিলেও বৌদ্ধাচাৰ প্ৰলে ই যে তাৰ মূল কাৰণ ইয়াক হুই বুলিব নোৱাৰি। ভাৰতবৰ্ষৰ অন্যান্য দেশৰ দৰে ই দেশত জাতিৰ প্ৰতি তেনে দৃঢ়তা নাই। ইয়াৰ তিৰোতা বিলাকে সৰহ বয়সলৈকে আবিএ হই থাকে আৰু আপোনাৰ ইচ্ছা অনুসাৰে পতি গ্ৰহণ কৰে। আমাৰ দেশত কোনে৷ তিৰোতাই বিয়া নকৰোৱাকৈ পতি গ্ৰহণ কৰি পাছে লৰাচোৱালী হোৱাৰ পাছতো বিবাহ কৰায় আৰু কাৰে৷ ঘৰত কোনো চোৱালী বা বেটী চোৱালী থাকিলে তালৈ মানুহ চপালে তাৰ যি সন্তান হয়, সি সন্তানৰ প্ৰতি সি সন্তানৰ জন্মদাতাৰ স্বত্ব ন থকা নিয়ম সম্পূৰ্ণ বৌদ্ধ মত চলা ব্ৰহ্মা, চীন, প্ৰভৃতি দেশৰ নিয়মৰ সদৃশ।