পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী ভগদত্তৰ বংশ লোপ হোৱাৰ পাছত কামৰূপৰ পৰাক্ৰম আকৌ হ্ৰাস হ’বলৈ ধৰিলে৷ আৰু দেশখনে৷ নানা সৰু সৰু ৰাজ্যত বিভক্ত হ'ল। বাৰ ভূঁয়াৰ শাসনৰ কথা, যাক আমি পাছে ক’ম, তাৰে৷ প্ৰথম বীজ এই ৰজাৰ বংশৰ লোপ হোৱাতে হয় কিয়নো ই বংশই সমুদায় কামৰূপৰ একছত্ৰী ৰজা আছিল। এই বংশ লোপ হোৱাৰ পাছত ই দেশত নানা উপদ্ৰৱ ঘটে। প্ৰায় অনেক দিন অৰাজক ৰূপে থকা বুলিলেও হানি নাই। ভগদত্তৰ বংশৰ ৰজাবিলাকে আৰ্য্য জাতিৰ বৈদিক ধৰ্ম্মক আশ্ৰয় কৰিছিল। কোনো ৰজাৰ বংশই চিৰকাল পৃথিবীত নাথাকে। বৌদ্ধধৰ্ম্মৰ প্ৰাছৰ্ভাৱ যেতিয়া ভাৰতবৰ্ষৰ চাৰিও ফালে হ’ল সি সময়ত সেই ধৰ্ম্মস্ৰোতঃ ই দেশলৈকে৷ প্ৰবাহিত হইছিল। আৰু সেই সময়তহে ভগদত্তৰ বংশৰ হাতৰ পৰাই ই দেশ একেবাৰে যায়। তেতিয়া ই দেশত বৌদ্ধধৰ্ম্মৰ ৰজাই ৰাজত্ব কৰিছিল। এই দেশত ঠাইয়ে ঠাইয়ে যি যি মন্দিৰ বা মন্দিৰৰ ভগ্নাৱশেষ বা মূৰ্ত্তি আছে তাত বৌদ্ধ বিলাকৰ মূৰ্ত্তিৰ গঢ় গঠন অনেক দেখি। বিশেষ গুৱাহাটীৰ শুক্ৰেশ্বৰ দেৱালয়ৰ লুইতৰ দাঁতিত যি মূৰ্ত্তি আছে যাক সাক্ষী জনাৰ্দন বোলে, সেই মূৰ্ত্তিৰ আকৃতি বৌদ্ধ মূৰ্ত্তিৰ আকৃতি সদৃশ। হাজোত হয়গ্ৰীৱমাধব নামে যি দেৱালয় আছে সেই দেৱতাক দৰ্শন কৰিবলৈ এতিয়াও ভোটবিলাক আহে। সিহঁতে কয় বোলে এই দেৱতা সিহঁতৰ দেশৰ পৰা আহিছে। মগধ- দেশত বৌদ্ধ ধৰ্ম্মৰ সুবিখ্যাত অশোক নামে ৰজাই যেতিয়া সেই ধৰ্ম্ম আলোচনা কৰিবলৈ এক মহাসভা কৰে যি সভালৈ চীন, তীব্বত, ব্ৰহ্মা, প্ৰভৃতি দেশৰ পৰা লোক আহিছিল, সেই সভালৈ কামৰূপৰ পৰাও লোক গইছিল। এনে আশঙ্কা হ’ব পাৰে যে ই দেশত বৌদ্ধধৰ্ম্ম প্ৰৱল হোৱাহলে তাৰ চিন থাকিল হেঁতেন। প্ৰকৃতে হলে মানুহৰ ধৰ্ম্মভাৱত এতিয়৷ বৌদ্ধধৰ্ম্মৰ একে৷ চিন নেদেখি। কিন্তু সাধাৰণ ৰূপে হ'লে সেই ধৰ্ম্মৰ প্ৰাদুৰ্ভাবৰ অনেক চিন পোৱা যায়। কামাখ্যাৰ যি মন্দিৰ পূৰ্ব্বে কৰা হইছিল, সি ভাগিছিগি গই তাৰ ওপৰত মাটি হই গছ গজিছিল। নৰনাৰায়ণ ৰজাৰ দিনতহে তাক আবিষ্কাৰ কৰা হই পুনৰায় নিৰ্ম্মাণ কৰা হ’ল৷ আৰু যোগিনীতন্ত্ৰ পুথী চাই কামাখ্যাৰ মন্দিৰ আবিষ্কাৰ কৰা