পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অধ্যায় হোৱ৷ কামদেৱেও ইয়াত নিজ ৰূপ পালে ই এনেহে উত্তম ঠাই। ওপৰত কোৱা মতে ই দেশ আৰ্যবিলাকৰ দ্বাৰা আবিষ্কাৰ হোৱাৰ পাছত অনেক কাল পৰ্য্যন্তে আৰ্য বিলাক ইয়ালৈ অহ৷ নাছিল। তেতিয়া দানৱ অৰ্থাৎ অতি নিষ্ঠুৰ অসভ্য জাতিৰ ই আবাস আছিল। কালক্ৰমে আৰ্য স্ৰোতঃ ইয়ালৈ ব’বলৈ ধৰাত ইয়াৰে কোনো এক শ্ৰেণীৰ লোকসকলে আৰ্য্যধৰ্ম্মৰ প্ৰতি আস্থ৷ প্ৰকাশ কৰাত সেই বিলাকৰে নৰক অৰ্থাৎ প্ৰধান এজনক আৰ্য্য কৰ্তৃক নৃপতি স্থাপিত হয়। আৰু সিজনেও আস্থবিক আৰু বিপুপৰবশ ভাৱ প্ৰকাশ কৰাত আৰ্য্য কৰ্তৃক তেওঁক বধ কৰা হয়। তেওঁৰ পুত্ৰ ভগদত্ত সিংহাসনত উঠে। এওঁৰ দিনত আৰ্যজাতিৰ সুন্দৰ গতি বিধি হইছিল আৰু এওঁ নিজে আৰ্য্যাবৰ্ত্তৰ সম্ৰাট দুৰ্যোধনক আপোনাৰ ভগিনীক দি মিত্ৰত৷ কৰে। আৰু পাছে তেওঁক সহায় কৰোঁতে নিজে কুৰুক্ষেত্ৰৰ যুদ্ধত প্ৰাণত্যাগ কৰে। ই সময়ত এই দেশত আৰ্য্যধৰ্ম্মৰ প্ৰতি বিশ্বাস সুন্দৰে প্ৰকাশিত আৰু বিস্তাৰিত হইছিল। কাৰণ ই দেশৰ সেই কালৰ ৰজা বিলাকে সুন্দৰে বৈদিক ধৰ্ম্মক আশ্ৰয় কৰাৰ প্ৰমাণ পোৱা গইছে। ২৫ অতি পূৰ্ব্বকালৰে পৰ৷ কামৰূপ হস্তীৰ নিমিত্তে বিখ্যাত। মহাভাৰতত ভগদত্তৰ যি হস্তীৰ কথা লিখা আছে তাক নধৰিলেও ৰঘুবংশকাব্যত এনে বিবৰণ পোৱা যায় যে প্ৰাগজ্যোতিপুৰ বা কামৰূপৰ ৰজাই অনেক হস্তী ৰঘুৰজাক দান কৰিছিল। এই কাব্য কাি কবিৰ ৰচিত। এই কবি, মহাৰাজ৷ বিক্ৰমাদিত্যৰ দিনত প্ৰকাশিত আছিল। এই ৰজা খ্ৰীষ্ট জন্মিবৰ প্ৰায় ৫০ বছৰৰ পূৰ্ব্বে উজ্জয়িনী নগৰত আছিল। সেই কালতো ই দেশ হাতীৰ নিমিত্তে বিখ্যাত। কামৰূপৰ কোন জন৷ ৰজাৰ কথা তাত লিখিছে ইয়াক নিশ্চয় কৰিব নোৱাৰি।*

  • ভগদত্তৰ পাছত ধৰ্ম্মপাল, বত্নপাল, কামপাল, পৃথ্বীপাল আৰু যুবাহু নামে

পাঁচজনা ৰজাৰ নাম পোৱা যায়। কিন্তু কোন জনাই কোন ঠাইত কিমান দিন ৰাজত্ব কৰে তাৰ নিৰ্ণয় নাই। আৰু এই কেইজনা যে সেই বংশৰে বজা তাৰো বিশেষ প্ৰমাণ নাই। তথাপি ভগদত্তৰ পাছতে একাদি ক্ৰমে এই কেইজনাৰ নাম লেখা থকাত সেই শ্ৰেণীৰেই ৰজা বুলি গণ্য কৰিলোঁ। এই বংশ শেষত লোপ পালে। S