পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী আৰু ইয়াৰ মাঝেৰে লৌহিত্য বা ব্ৰহ্মপুত্ৰ নদ বই ইয়াক ছফাল কৰিছে। ইয়ালৈ আহোঁতে এনে অনুমান হয় যেন এটা ঘোপলৈ অহা হইছে। ইয়াৰ উত্তৰ ফালৰ ভোটৰ পৰ্ব্বত শ্ৰেণী আৰু দক্ষিণ ফালৰ গাৰে৷ পৰ্ব্বত শ্ৰেণী এতিয়৷ ৰঙ্গপুৰ জিলাৰ কৰতোয়া নদীৰ প্ৰায় সমসূত্ৰ, পাতব পৰা চুকীয়৷ হবলৈ দক্ষিণৰ পৰ্ব্বত শ্ৰেণী উত্তৰে আৰু উত্তৰৰ পৰ্ব্বত শ্ৰেণী দক্ষিণে হালি পূৰ্ব্ব ফালে গই দিককৰবাসিনীৰ সমীপৰ ঠাইতে দুইও শ্ৰেণী মিলিছে। এই খিনিকে প্ৰায় সমদ্বিবাহু ত্ৰিভুজ প্ৰদেশৰ এচুক বা কোণ বুলিব পাৰি। আৰু কৰতোয়াৰ পৰ৷ সমসূত্ৰপাত ৰেথাকে ইয়াৰ তল বুলিব পাৰি। কৰতোয়৷ পৰ্য্যন্ত যে কামৰূপ ইয়াৰ বিশেষ স্বাভাবিক কাৰণ আছে। এই সমসূত্ৰ ৰেথা এড়ি ভটিয়াই গলেই আৰু পৰ্ব্বত নেদেখি আৰু ঠাই বহল হেন অনুমান হয়। আৰু তাক এড়ি উজাই আহিলেই ক্ৰমে ঘোপলৈ অহা যেন অনুমান হয়। পুৰাণতো কামৰূপৰ ত্ৰিকোণাকৃতি বুলি লেখিছে৷ ইয়াৰ স্বাভাবিক সৌন্দৰ্য অনেক আছে। আৰু যোগী সকলৰ যোগ অভ্যাসৰ যে ই ঠাই ইয়াত কোনো সংশয় নাই। এনে স্বাভাবিক নিভৃত ঠাই মহাপীঠ অৰ্থাৎ তপস্যাৰ অতিশয় উপযুক্ত স্থান বুলি প্ৰসিদ্ধ হইছে। আৰু এই দেশৰ যতে ততে নৈসৰ্গিক শোভা পোৱা যায়। তাৰ প্ৰমাণ অকল গুৱাহাটীতেই কিমান তেনে ঠাই আছে। সেই কাৰণে তন্ত্ৰত অত্যুক্তি ৰূপে লেখিছে বোলে আন ঠাইত দেবী বিৰল, কিন্তু কামৰূপত হলে ঘৰে ঘৰে। কামৰূপৰ আকৃতিব নিমিত্তেই ইয়াক মহামুদ্ৰা বা গুপ্ত পীঠ বুলি কইছে। পূৰ্ব্বৰ আৰ্য্য বিলাকে ইদেশৰ আৰু আৰু আন আন দেশৰ যোগাভ্যাসৰ ঠাঁই আবিষ্কাৰ কৰাৰ বৰ্ণনাই মহাদেৱৰ ভ্ৰমণ বৃত্তান্তৰ মূল। 9 হিমালয়ৰ নিকটবৰ্ত্তী কাশ্মীৰ প্ৰদেশৰ স্থানীয় স্বাস্থ্য আৰু সৌন্দৰ্যাব নিমিত্তে কোনো এজন মুসলমান কবিয়ে এনে বৰ্ণনা কৰি গইছে যে যদি এটা কাবাব কবা কুকুৰ৷ কাশ্মীৰত এবছৰ থোৱা যায় তেনেহলে সেইটো পুনৰ্জীবিত হ’ব। ইয়াৰ দ্বাৰা কেবল সি ঠাইৰ স্বাস্থ্য বিষয়ক প্ৰশংসা মাত্ৰ কৰা হইছে। সেই ৰূপে এই প্ৰদেশৰ কামৰূপ নামৰ যি অন্বয় পুৰাণত কোৱা হইছে সিও সেইৰূপ মাত্ৰ। অৰ্থাৎ মহাদেৱৰ কোপত পড়ি পোড়া 2