পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অধ্যায় একেবাৰে বিপৰীত স্বভাৱৰ মানুহ আছিল। এওঁৰ ধৰ্ম্মৰ প্ৰতি সদাই চকু আছিল। আৰু বড় যোদ্ধকি আছিল। মহাভাৰতত লেখা কুৰু পাণ্ডবৰ যুদ্ধৰ সময়ত এওঁ কৌৰৱৰ ফালে সহায় কৰিছিল। পাছে দ্ৰোণাচাৰ্যৰ সেনাপতিত্বৰ সময়ত যুদ্ধত কুৰুক্ষেত্ৰত প্ৰাণত্যাগ কৰে। এওঁৰ পাছত অনেক বজা হইছিল। কিন্তু তাৰ বিবৰণ পোৱা দুষ্কৰ। কেবল এই মাত্ৰ জানি যে সেই সকলৰ পৰাক্ৰম তেনে বিখ্যাত নাছিল। কামৰূপ জিলাৰ- ৰাণী মোজাৰ বজাই এনে ৰূপে প্ৰমাণ কৰিবলৈ কৃতসাধ্যে যত্ন কৰিছিল যে তেওঁবিলাক সেই ভগদত্ত বজাৰেই সন্তান। কিন্তু মাঝৰ কালত এই দেশৰ যেনে অৱস্থা হ’ল তাৰ আন্ধাৰৰ পৰ৷ সেই কথা যে সঁচা এনে বাচি উলিওৱা বড় টান। যেতিয়ালৈকে আন কোনো বিশ্বাস কৰিব পৰ৷ সূত্ৰৰ পৰ৷ আগ গুড়ি নোলায় তেতিয়ালৈকে আমি সেই কথা বিশ্বাস কৰিবলৈ আগ বাঢ়িব নোৱাৰোঁ। ওপৰত কোৱা পৌৰাণিক বিবৰণ কিমান সঁচা আৰু তাৰ পৰা কিমান সঁচা কথা বাজ কৰিব পাৰি ইয়াক জন৷ কঠিন। কিন্তু সকলো দেশৰ ইতিহাসব আদি বিবৰণৰ দৰে ইয়াৰে৷ গুড়িলৈ চালে এনেটোহে প্ৰতীতি হয় যে সেই বিবৰণৰ অধিক ভাগ কাল্পনিক আৰু ৰূপক বৰ্ণনা মাত্ৰ। তাৰ দ্বাৰা আৰ্য বিলাকৰ এই দেশত প্ৰাদুৰ্ভাৱ হোৱাৰ কথাহে সুন্দৰে জানিব পাৰি। আন আন পুথী আৰু বিৱৰণত যেনে ৰূপে ৰূপকৰ ছলে কোনো কথা বা ইতিহাস বৰ্ণনা কৰা অথবা উপদেশ দিয়া হইছে সেই নিয়ম ইয়াতে৷ খাটে। ২৩ কামৰূপৰ ওপৰত কোৱা বিবৰণৰ পৰা এই এই কথা অনুমান কৰিব পাৰি। পূৰ্ব্বৰ আৰ্য্যবিলাকৰ যি বিলাকে যোগ চিন্তা কৰিছিল সেই সকলে এই ভাৰতবৰ্ষৰ নানা ঠাইত তপস্যা আৰু যোগাভ্যাসৰ ঠাই বিচাৰি ফুৰি মুঠে একাত্তন খান ভাল ঠাই পালে। সেই বিলাক আকৌ এনেৰূপে চাৰিও ফালে আছে যে সকলোবিলাক চাওঁ বুলিলে ভাৰতবৰ্ষ প্ৰায় সমুদায় ভ্ৰমণ হয়। নৈসৰ্গিক শোভা আৰু স্থাননিবিড়তা বিবেচনাই তপস্যাৰ স্থান নিৰ্ণীত হইছে। সকলোবিলাক তীৰ্থৰ ঠাই চালেই এই বিষয় জানিব “পাবি। কামৰূপ ভাৰতবৰ্ষৰ এটা চুকত। ইয়াৰ দুফালে দুসাৰি পৰ্ব্বত।