পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১
তৃতীয় অধ্যায়

সেই সেই বিবৰণ যেনে ৰূপে পৰম্পৰায় চলি আহিছে সেইৰূপেই ইয়াত দিয়৷ যাব। কালক্ৰমে ইয়াৰ উন্নতি আৰু জ্ঞান যেতিয়া বাঢ়িব আৰু অনুসন্ধান পৰা অনেক কথা ওলাব তেতিয়া এই বিবৰণ যাক অকৰ্ম্মণ্য ভাবি, পেলোৱা বা লোৱা গইছে তাৰ পৰাও অনেক কথা জনা যাব।

 পূৰ্ব্বে উল্লেখ কৰা হইছে যে এই দেশৰ পুৰণি যি যি দেশ আছিল সেই সকলৰ পৰাক্ৰম যোৱাত আৰু কামৰূপৰ পৰাক্ৰম বঢ়াত এতিয়া যি প্ৰদেশ অসম নামে বিখ্যাত সেই সকলো খিনিতকৈও আৰু কিছুমান ঠাই যি এতিয়া বঙ্গাল দেশব মাঝত পড়িছে সিও কামৰূপ নামে বিখ্যাত হইছিল। আমাৰ অসম দেশৰ এতিয়াৰ যি সীমা সেই সীমাৰ মাঝৰ ঠাইৰ কথাকেহে আমি বিশেষকৈ বৰ্ণনা কৰিম।

 শোণিতপুৰ, কৌণ্ডিল্য প্ৰভৃতি দেশব বিষয়ে পুৰাণ মহাভাৰত আৰু ভাগৱতত ঊষাহৰণ আৰু ৰুক্মিণীহৰণৰ যি কথা লেখা আছে তাতকৈ সৰহ নেজানি। বিশেষ সেই দেশৰ প্ৰভাবো অদৃশ্য হই গইছে। এতেকে তাৰ বিবৰণ ইয়াত লেখাৰ প্ৰয়োজন নাই। কামৰূপেই ইয়াৰ প্ৰসিদ্ধ নাম সেই দেখি কামৰূপৰ বিবৰণকে মাত্ৰ লেখা যাব।

 কামৰূপ দেশৰ মূল বিষয়ে পুৰাণত এই কথা প্ৰচলিত আছে, দক্ষৰ যজ্ঞত শিৱৰ ভাৰ্য্যা সতীয়ে শিৱনিন্দা শুনিব নোৱাৰি প্ৰাণত্যাগ কৰাত শিৱই সতীৰ দেহ মূৰত লই নানা ঠাইত ভ্ৰমণ কৰিছিল। পাছে শিৱৰ সেই অৱস্থা গুছাবৰ নিমিত্তে বিষ্ণুয়ে চক্ৰেৰে সেই সতী দেহ খণ্ড খণ্ড কৈ কাটি দিয়াত তাৰে একাণ্ডন খণ্ড একাওন ঠাইত পড়ে। যতে যতে সেই অঙ্গ পড়িছিল ততে ততে পীঠ হল। সেই দেহৰ গুপ্ত ভাগ নীলাচলত পড়ে আৰু ইয়াৰ দেৱতাক কামাখ্যা বোলে। এই কামাখ্যা গুৱাহাটীৰ পশ্চিমে নীলাচল পৰ্ব্বতত আছে। পাছে মহাদেৱে সতীৰ শোকত অধৈৰ্য্য হই তপস্থা কৰাত দেৱতা সকলে মন্ত্ৰণা কৰি কামদেৱক পঠাই শিৱৰ যোগ ভঙ্গ কৰে আৰু মহাদেৱে শাপ দি কামদেৱক ভস্ম কৰে। পাছে পুনৰায় সেই কামদেৱে যি ঠাইত নিজৰূপ পালে তাকে কামৰূপ