পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তৃতীয় অধ্যায়

 ভাৰতবৰ্ষৰ যিমান দেশ আছে সকলো দেশৰ আদি ইতিহাস জানিব লাগিলে ভাৰতবৰ্ষৰ পুথীতহে বিশেষ বিবৰণ পোৱা যাব পাৰে। আন আন দেশৰ ভ্ৰমণকাৰী আৰু আন লোকৰ বিবৰণতো অনেক কথা পাব পাৰি। সেই সকলৰ দ্বাৰা দেশীয় ইতিহাসৰ সংশোধন বা ব্যাপ্তি মাত্ৰ কৰিব পাৰি। এই দেশৰ ইতিহাস নামে কোনো পুথী নাই। কিন্তু এই দেশৰ বিৱৰণ নানা উপলক্ষে অনেক পুৰাণ আৰু আন আন গ্ৰন্থত পোৱা যায়। সেই সকলৰ বিবৰণৰ শ্ৰেণীবন্ধা নহয়। আৰু ধৰ্ম্ম বিষয়ক কথা আৰু ইতিহাসে সইতে মিলি অনেক কথা এনে অসম্ভব আৰু শ্ৰেণী নোহোৱা কৈ লেখা আছে যে তাৰ পৰা সম্ভব বা শ্ৰেণী থকা কথা বাচি উলিওৱা বড় টান। কোনো কোনো ঠাইত সময়ৰ কোনো কোনো ঠাইত দূৰতাৰ বিবৰণে মূৰ ঘুৰাই পেলায়। ইতিহাস অনুসন্ধান কৰা লোক সকলে কোনো পুৰাণ গদ্য, লেখা মন্দিৰ কি আন সামান্য কথাৰ পৰা বড় ডাঙ্গৰ কথাৰ সত্য কথা উলিয়াই ইতিহাস বিষয়ক অন্ধকাৰ গুছাইছে আৰু গুছাব পাৰি বুলি বিশ্বাস কৰে। যদি এই সকলৰ পৰা ইমান সাহায্য পোৱা যায় তেনে হলে পুৰাণ তন্ত্ৰ ইত্যাদি লেখা থকা আৰু সেইৰূপে অনেক আচাৰ ব্যৱহাৰ হই আহি থকা পুথীৰ দ্বাৰাই কি সাহায্য পাব নোৱাৰি নে? এই যুক্তিৰে এনে বিবেচনা হয় যে, যিবিলাকে পুৰাণাদিক মিছা আৰু অকৰ্ম্মণ্য বুলি সিদ্ধান্ত কৰে সেই সকলৰ যুক্তি খণ্ডাব পাৰি।

 ভাৰতবৰ্ষৰ যি কোনো বুৰঞ্জিৰ বিষয় অনুসন্ধান কৰা যায় সেই সকলে দেশৰ বিবৰণ কোনো না কোনো মতে কোনো কোনো পুৰাণ ইত্যাদিত পোৱা যায়। তাৰ পৰা সময় ইত্যাদিৰ বিষয়ে যি সংশয় সি নমৰিলেও আন কথা অনেক জানিব পাৰি। আৰু তাৰ কথাৰ পৰাই তাৰ সময় আৰু ভাব বাচি উলিয়াব পাৰি। এই অসম দেশ সম্পৰ্কে পুৰাণাদিত সকলোৱে গ্ৰাহ্য কৰা যি বিবৰণ আছে তাক ইয়াত দিবলৈ আগবাঢ়িব খোজোঁ।