পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯
দ্বিতীয় অধ্যায়

তকৈ ইহঁত সভ্য। ইহঁতৰ ধৰ্ম্ম আৰু লিখিত পুস্তকাদি আছে। কৃষি বাণিজ্যাদিত ইহঁতে তৎপৰ। তিব্বত, চীন, চীন তাতাৰ প্ৰভৃতি দেশে সইতে ইহঁতে বাণিজ্য কৰে। ইহঁতৰ ধৰ্ম্ম, বৌদ্ধ। শিল্প কৰ্ম্ম, গীত বাদ্যতো ইহঁত অপটু নহয়। এতিয়াৰ কালৰ নিয়ম অনুসাৰে ইহঁতক “অৰ্দ্ধ-সভ্য” জাতিত পৰিগণিত কৰিব পাৰি। হিমালয়ৰ দাঁতিত ইফালে ডফলা পৰ্ব্বতেৰে পৰা সিফালে সিকিম আৰু নেপাললৈকে এই জাতি লোক বাস কৰে। সমভূমিতো কিছুমান ভোট ঠাইয়ে বাস কৰি আছে।

 আহোম জাতি: প্ৰায় ৬৫০ বছৰ হল এই জাতি শ্যাম দেশৰ পৰা আহি এই দেশ অধিকাৰ কৰে। ইহঁতে ইন্দ্ৰবংশীয় বুলি কয়। ইহঁতৰ অনেকে হিন্দুধৰ্ম্ম গ্ৰহণ কবি বড় নিষ্ঠাপৰ হিন্দু হইছে। ইহঁতে আমাৰ মানুহে সইতে অনেক মিল। যি সকলে হিন্দুধৰ্ম্ম গ্ৰহণ কৰা নাই সেই সকলে পূৰ্ব্বৰ আচাৰতে আছে। আহোমৰ লিখিত ভাষা আছে। আৰু সেই ভাষা শ্যাম ভাষাৰ দৰে৷ যি সকলে হিন্দু সেই সকলে আপোনাৰ ভাষাকো হেলা কৰাৰ নিমিত্তে পাহৰিছে। এই জাতিৰ বিবৰণ ইয়াৰ পাছত বিস্তাৰকৈ লেখা যাব। ইহঁতে এতিয়া পৰ্ব্বতত বাস নকৰে।

 ছুটীয়া জাতি: ইহঁতক অনেকে অনুমান কৰে আন ঠাইৰ পৰা অহা মানুহ। কিন্তু এইটো অপ্ৰমাণ হেন দেখা গইছে। ইহঁতৰ পৰ্ব্বতত বাস নাই। পূৰ্ব্বে ইহঁতৰ দেশ সৌমাৰ খণ্ডত আছিল।[১] এতিয়া ইহঁতক সৰ্ব্বত্ৰে পোৱা যায়। দৰঙ্গ জিলাত ছুটীয়া নামে এক প্ৰদেশ আছে। ইহঁতৰ যি সকলে হিন্দু হইছে সেই সকলে কোঁছ জাতিত গণ্য নহই হিন্দু ছুটীয়া বুলি কয়। ইহঁতৰ যি বিলাকে হিন্দু হোৱা নাই সেই বিলাকে আহোম ছুটীয়া বুলিও কয়। এক কালত ইহঁত এক প্ৰবীণ জাতি আছিল। ইহঁতে কুবেৰৰ সন্তান বুলি কয়। বৰাহি বিলাক ছুটীয়াৰ এক উপজাতি মাত্ৰ। ফলিতাৰ্থে ছুটীয়া বিলাকক এই দেশৰ আদি বাসী লোক বোলাহে উচিত।

 ওপৰত যিসকল জাতিৰ কথা লেখা গল সেই সকলোবিলাক অনাৰ্য্য- জাতি। আৰ্য্য জাতিৰ শক্তিৰ আগত যদিচ সিহঁত দমন হই আছিল, তথাপি অনেক বিষয়ত সিহঁতৰ শক্তি আৰু কাৰ্য্য এই দেশক শাসন কৰিছিল।

  1. ছুটীয়া বিলাকৰ দেশৰ অধিকাংশ ভীষ্মক ৰজাৰ কুণ্ডিল নগৰৰ মাঝত পড়ে।