পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮
আসাম বুৰঞ্জী

আছিল। এনে অনুমান হয় যে সংস্কৃত “নগ্ন” শব্দৰ পৰা নাগা বা নগা শব্দ ওলাইছে। ইহঁতৰ অনেক শ্ৰেণী আছে। সিহঁতৰ ভাষা অনেক লৰচৰ দেখি। অনেক নগা অতি নিষ্ঠুৰ। ইহঁতৰ স্বভাব আমাৰ মানুহে সইতে নিচেই নিমিলে। ইহঁতৰ কেতবিলাক কছাৰী ৰজাৰ অধীন আছিল। আহোম বিলাক ইয়ালৈ অহাত নগাবিলাকে বাধা দিছিল। আৰু ইহঁতেও সময়ে সময়ে আহোমক বড় উপদ্ৰৱ কৰিছিল। ইহঁতৰ প্ৰাচীন কোনো কথা জানিব পৰা নাই।

 চিংফৌ জাতি: নগা পৰ্ব্বত, খামতী পৰ্ব্বত আৰু শিৱসাগৰৰ মাঝত এই জাতি লোক বাস কৰে। ইহঁতৰো কোনো বিবৰণ এই পৰ্যন্ত জানিব পৰা নাই।

 খামতী জাতি: এই জাতিও আদিবাসী লোক। ইহঁতৰ মূল দেশ শ্যাম দেশ বুলি অনুমান কৰা হৈছে। ইহঁতৰ লিখিত ভাষা আছে। ইহঁতৰ আচাৰ প্ৰায় ব্ৰহ্মদেশে সইতে মিলে।

 মিচমী জাতি: আবৰ পৰ্ব্বত আৰু খামতী পৰ্ব্বতৰ মাঝত এই জাতি বাস কৰে। ইহঁতৰ দেশতে পৰশুৰাম কুণ্ড বা ব্ৰহ্মকুণ্ড। ইহঁতৰ জাত্যভিমান অতি। মিচমীবিলাকক এই দেশৰ জাতিমালাত “শিমী” বোলে।

 আবৰ জাতি: আকা আৰু মিচমী বিলাকৰ দেশৰ মাঝত এই জাতি বাস কৰে। “আবৰ” সংস্কৃত শব্দৰ পৰা আবৰ নামৰ উৎপত্তি। ইহঁত বড় বলিষ্ঠ। মিচমী আৰু আবৰ বিলাকে তিব্বত আৰু চীন দেশে সইতে বাণিজ্য কৰে।

 মিৰী জাতি: এই জাতিৰ অধিকাংশ আবৰৰ পৰ্ব্বতৰ দাঁতিত থাকে। সমভূমিতো ইহঁত থাকে। ইহঁতৰ পাৰ্ব্বত্য স্বভাব বড় নাই। আমাৰ মানুহে সইতে বড়কৈ মিলে।

 আকা জাতি: ডকলা, মিৰী, আবৰ আৰু ভোটৰ পৰ্ব্বতৰ মাঝত আকা জাতি বাস কৰে। সংস্কৃত “অঙ্ক” শব্দৰ পৰা আকা শব্দৰ উৎপত্তি। এতিয়া নাই কিন্তু পূৰ্ব্বে—ইহঁতৰ শৰীৰ আঁকি চিত্ৰ বিচিত্ৰ কৰিছিল।

 ডফলা জাতি: ভোট আৰু আকা পৰ্ব্বতৰ মাজত এই জাতি লোক বাস কৰে। ইহঁত বড় নিষ্ঠুৰ আৰু উপদ্ৰবী।

 ভোট জাতি: এই অঞ্চলত যিমান পৰ্ব্বতীয়া জাতি আছে সকলো