পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭
দ্বিতীয় অধ্যায়

ইহঁতে কছাৰী ৰজাৰ অধীন আছিল। ইহঁতৰ আদি স্থান ডুমূৰিয়া বুলি ইহঁতে কয়। আমাৰ মানুহে মিকীৰক মিকীৰ বোলে সিহঁতে আপুনি “কাৰ্বে” বুলি কয়। “কাৰ্বে” শব্দ সংস্কৃত ক্ৰব্য (মাংস) আৰু ক্ৰব্যাদ (মাংসাশী) শব্দব অপভ্ৰংশ বুলি অনুমান হয়। এনেও অনুমান হব পাৰে যে ইহঁতে কেঁচা মাংস ভক্ষণ কৰ প্ৰভৃতি ৰাক্ষস প্ৰকৃতি হোৱাৰ নিমিত্তে প্ৰাচীন আৰ্যসকলে ইহঁতক “ক্ৰব্যাদ” বুলিছিল।

 কাছাৰ বা কছাৰী জাতি: এই জাতি আদি বাসী লোক মণিপুৰ, জয়ন্তা, খাসীয়া, নগা মিকীৰ আৰু নগাওঁৰ মাঝত থাকে। এই দেশৰ প্ৰায় সকলো ঠাইতে কছাৰী পোৱা যায়। কছাৰীবিলাকৰ দেশৰ পূৰ্ব্ব নাম হিড়ম্ব আছিল। ইয়াৰ হিড়িম্বা নামে ৰাজকুমাৰীক পাঁচ পাণ্ডবৰ ভীমে বিবাহ কৰিছিল, তেওঁৰ পুত্ৰ ঘটোৎকচ। এওঁ মহাভাৰতৰ যুদ্ধত পাণ্ডবক সহায় কৰি শেষত মৃত্যু হয়। সেই অনুসাৰে কছাৰৰ ৰজাই আৰু অনেক লোকে “বৰ্ম্মণ” উপাধি (যাক শাস্ত্ৰ মতে ক্ষত্ৰিয় বিলাকেহে লব পাৰে সেই উপাধি) লইছে। আৰু সেই সকলৰ অনেকে ক্ষত্ৰিয়ৰ যজ্ঞোপবীত ধাৰণ কৰিছে। এই কছাৰী জাতি এক কালত এই অঞ্চলত বড় প্ৰধান আছিল এনে অনুমান হয়। সিহঁতক এই দেশৰ সমভূমিৰ চাৰিও ফালে পোৱা যায়। ইহঁতৰ ভিতৰত অনেক উপজাতি আছে। গুৱালপাড়াৰ ফালে কছাৰী বিলাকক মেছ বোলে। হোজাই আৰু হাজাঙ্গ ইহঁতৰে প্ৰায় আন নাম মাত্ৰ। লালুঙ্গ বিলাকে প্ৰায় কছাৰীৰ এক উপজাতি। লালুঙ্গহতে প্ৰায় সমভূমিত থাকে। ইহঁতৰ ভাষা কছাৰী ভাষাৰ অপভ্ৰংশ মাত্ৰ। সমভূমিৰ অনেক লালুঙ্গে সিহঁতৰ ভাষা বিস্মৰণ হইছে। টোটোলা, ৰাভা হানা মদাহি জাতিও কছাৰীৰ উপজাতি। যি বিলাক কছাৰীয়ে “বৰ্ম্মণ” উপাধি ধাৰণ কৰিছে সেই সকল হিন্দু আচাৰ ব্যৱহাৰ গ্ৰহণ কৰিছে। এই দেশৰ মহন্ত সকলে কছাৰী আৰু লালুঙ্গ প্ৰভৃতিক শৰণ দি কোঁছ জাতিৰ অন্তৰ্গত কৰিছে। এই দেশৰ জাতিমালা মতে কছাৰী বিলাকক “কুৰাছ” বোলে। কছাৰী বিলাক অতি বলিষ্ঠ। এতিয়াৰ সৈন্য দলত এই জাতিৰ বিস্তৰ মানুহ আছে।

 নগা বা নাগা জাতি: কছাৰী, মিকীৰ, মণিপুৰ আৰু শিৱসাগৰৰ জিলাৰ মাঝত এই জাতি লোক বাস কৰে। ইহঁতৰ মাঝত অনেক উলঙ্গ