পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী কোনো পুখুৰী বা কোনো ঠাই খানোতে ইটা, খুট৷ আৰু আন ধন বস্তু পোৱা গইছে। মৰ্ণ ই নামে এঠাইব মাটি ব্ৰহ্মপুত্ৰে খহাওঁতে তাৰ অনেক তলব পৰা শিলৰ মূৰ্ত্তি, ইটা, খোল৷ আৰু সেইৰূপ মাহব প্ৰয়োজনীয় অনেক বস্তু দেখা হইছিল। অথচ সেই ঠাইৰ ওপৰত অনেক প্ৰকাণ্ড গছ আৰু মানুহৰ ঘৰ আছিল। এইসকলব প্ৰতি দৃষ্টি কৰিলে এই দেশৰ লোকসকলৰ পূৰ্ব্বৰ অবস্থা যে ইয়াতকৈ অনেক অংশে বেলেগ আছিল ইয়াক জানি। সেইসকল লোক এতিয়াৰ লোকতকৈ বল, বুদ্ধি, শক্তি ধন সকলোতে শ্ৰেষ্ঠ আছিল। এইসকলৰ প্ৰকৃত সময় এতিয়া জনা বড় টান। ইয়াৰ অনেক কীৰ্ত্তি আহোমবিলাক এই দেশলৈ অহাৰ পূৰ্ব্বৰ সময়ব। সেইকালব ইতিহাস আৰু বিবৰণ প্ৰায় পোৱা নাযায়। যি পোৱা হয় সিও অনেক পতিয়াব নলগীয়া কথাৰে পৰিপূৰ্ণ। এই মঠ মন্দিৰৰ অনেক বৌদ্ধধৰ্ম্ম এই দেশত প্ৰচাৰ হ'বৰ পূৰ্ব্বৰ। বৌদ্ধসকলে অনেক মন্দিৰ ভাগিলে অথচ অনেক নকৈ নিৰ্ম্মাণ কৰিলে৷ যেতিয়া বৌদ্ধৰাজ্য গুছিল তেতিয়া সেইবিলাক কীৰ্ত্তি ভগা ছিগা হই থাকিল। শকাদিত্যৰ প্ৰথম শতাব্দীত যেতিয়া এই দেশত বৈদিক ধৰ্ম্ম পুনঃ প্ৰচলিত হয় তাৰ পাছে কিছুমান মঠ মন্দিৰ নিৰ্ম্মিত বা সংস্কাৰিত হ’ল, কিছুমান তেনেই থাকিল। ডাঙ্গৰ ৰাজ্য লোপ হই প্ৰায় স্ব স্ব প্ৰধান অনেক সৰু সৰু ৰাজ্য হোৱাত লোকসকলৰ সাধাৰণ অবস্থ৷ ক্ৰমে হীন হবলৈ ধৰিলে। সেই কাৰণেহে আহোমবিলাকে বিশেষ শ্ৰম নকৰাকৈ প্ৰথমে সৌমাৰ প্ৰদেশ অধিকাৰ কৰিবলৈ পাৰিলে। ফলিতাৰ্থে নাগশঙ্কৰৰ বংশ ধ্বংস হবৰ পাছৰ পৰা অৰ্থাৎ তেৰশ বছৰৰপৰা এই দেশৰ অনুন্নতিৰ আৰম্ভ। আহোমবিলাকেও কেতবিলাক মঠ মন্দিৰ নিৰ্ম্মাণ আৰু জীৰ্ণ সংস্কাৰ কৰিলে৷ কেতবিলাক আলি পুখুৰী সাঁকো, ইত্যাদিও কৰিলে কিন্তু প্ৰাচীন মন্দিৰাদিৰ যি চিন দেখি তাৰে তুলনা কৰিলে এইবিলাক সামান্য। আহোমবিলাকে দেশত বসতি কৰি আৰু হিন্দুধৰ্ম্ম লই দেশীয় লোকসকলৰ লগত মিলিল। তেওঁবিলাকে দেশৰ উন্নতিৰ অৰ্থে অনেক উপায় আৰু উদ্যোগ কৰিলে। কিন্তু তেওঁবিলাক আগমনৰ পৰাই দেশৰ স্বাধীনতা লোপৰ আৰম্ভণ হোৱাত আৰু শাসন ২১২