পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰিশিষ্ট তেনে দৃঢ় নোহোৱাত প্ৰজাৰ অবস্থা তেনে উন্নত নহ'ল। তথাপি ক্ৰমে হবলৈ ধৰিছিল। মোৱামৰীয়াৰ আৰু মানৰ উপপ্লবৰ পাছত দেশ একেবাৰে উপান্ত হ’ল। কিন্তু পৰমেশ্বৰে আন উপায়েৰে এতিয়া আমাৰ দেশৰ শ্ৰীবৃদ্ধিৰ যোটনা কৰিছে৷ আগৰ কালত কামৰূপ বড় প্ৰসিদ্ধ আছিল। ইয়াক ভগবতীৰ যৌতুকৰ দেশ বুলি কয়। ইয়াৰ প্ৰশংসা আৰু গৌৰব ভালকৈ পুৰাণাদিত লেখা আছে। ইয়াৰ ৰাজধানীৰ নাম প্ৰাগজ্যোতিষ্পুৰ। প্ৰকৃতে ইয়াত যিবিলাক কীৰ্ত্তি চিহ্ন আছে তাৰ দ্বাৰা সেই নামৰ উত্তম পৰিচয় পায়। ইয়াৰ ব্ৰাহ্মণাদি জাতিসকলে প্ৰায় পৌৰাণিক বা প্ৰাচীন মতে প্ৰবৰ্ত্তন কৰে। স্মাৰ্ত্ত মতৰ তাদৃশ প্ৰবৰ্ত্তন নাই। কামৰূপীয় নিবন্ধ নামে এক পুথিত ইয়াৰ আচাৰ ব্যবহাৰৰ বিবৰণ আছে। এই দেশ অতি পূৰ্ব্বৰে পৰা আন স্বাধীন ৰাজ্যৰ দৰে স্বতন্ত্ৰৰূপে প্ৰবৰ্ত্তিত হই আহিছে। ই কেতিয়াও আনদেশৰ শাখা দেশ বা প্ৰদেশ নহয় আৰু নাছিল। এতিয়া এনে আশা কৰা গইছে যে সৰ্ব্বশক্তিমান পৰমেশ্বৰৰ কৃপাত আমাৰ দেশত অবস্থা ক্ৰমে উন্নত হ'ব। কিয়নো এই উন্নতিৰ বাটলৈ আনিবৰ কাৰণে এতিয়াৰ শাসন আৰু নিয়ম অতি প্ৰশস্ত আৰু উপযুক্ত হইছে। CT DIBA UA! M C