পৰিশিষ্ট
কামৰূপ জিলাৰ দক্ষিণ কূলৰ কোনো এঠাইত এটি শিলৰ ঘৰ আছে। সেই ঘৰটোৰ বিষয়ে এনে প্ৰবাদ আছে বোলে সেইটো চান্দো সদাগৰৰ “মেড়ঘৰ”। এই চান্দো সদাগৰ পুত্ৰ লক্ষ্মীন্দাৰক এই ঘৰতে বিবাহৰ ৰাত্ৰি বিষহৰিৰ সৰ্পে দংশন কৰে। তেওঁৰ পতিব্ৰতা পত্নী বেউলাই লক্ষ্মীন্দাৰৰ শৱটো ভুড়ত উটাই ভটীয়াই লই যায়। নেতাঁই ধুবুনী নামে এজনী মানুহৰ সাহায্যত লক্ষ্মীন্দাৰ পুনৰ্জ্জীবিত হয়। ধুবুৰীৰ ওচৰত নেতাঁই ধুবুনীৰ এটি ঘাট আছে। সেই ঘাটৰ এতিয়া ভগ্নাৱশেষ মাত্ৰ আছে। এই চান্দো সদাগৰ এজন বিখ্যাত সদাগৰ আছিল। এওঁৰ বিবৰণ পদ্মপুৰাণত আছে।
তেজপুৰত আগৰ শিলৰ ঘৰৰ ভগ্নাৱশেষ অনেক আছে। বাণৰজাৰ আৰু উষাৰ ঘৰৰ ভগ্নাৱশেষ বুলি সেইবিলাক কোৱা হয়। নগাঁওৰ চপানলা পৰ্ব্বতত শিলৰ মন্দিৰ প্ৰাচীৰ খিলান প্ৰভৃতিৰ ভগ্নাৱশেষ বা অসম্পূৰ্ণ অংশ বিস্তৰ আছে। এই ঠাই মহাভাৰতত লেখা হংসধ্বজ ৰজাৰ নগৰ বুলি আজিকো লোকে কয়। ডিমাপুৰতো সেইৰূপ মন্দিৰৰ অনেক চিন পোৱা যায়। এইখনেই পুৰণি হিড়ম্ব নগৰ বুলি এতিয়াও প্ৰসিদ্ধ। শদীয়া আৰু আন আন ঠাইতো এনে অনেক মঠ মন্দিৰৰ চিন আছে। গোৱালপাড়া জিলাৰ হাবড়াঘাট পৰগণাত “শ্ৰীসূৰ্য্যৰ পাহাড়” নামে প্ৰসিদ্ধ এটি পৰ্ব্বত আছে। শুনা গইছে তাৰ নামনিত চক্ৰাকাৰ এডোখৰ শিল আছে। ঘড়িৰ ৰেখাৰ দৰে তাত কিছুমান ৰেখাও থকা দেখি। সেই পৰ্ব্বতৰ নাম আৰু সেই শিলৰ দ্বাৰাই এনে অনুমান হয় যে কেতিয়াবা সি নাক্ষত্ৰিক জ্যোতিষ গণনাৰ মানমন্দিৰ আছিল।
এই দেশ ভ্ৰমণ কৰিলে দূৰৈৰ পৰা কোনো কোনো ঠাইত একোখন গ্ৰাম থকা যেন দেখি। ওচৰলৈ গলে তাত কেৱল ঝাড়নি কাঠনি হাবি মাত্ৰ দেখি। তাত যে কোনো কালত গ্ৰাম আছিল তাৰ চিন কেৱল পুখুৰী, ঘৰৰ ভেটীৰ চিন আৰু আম কঠালৰ গছ দেখি। কোনো