সমললৈ যাওক

পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১০
আসাম বুৰঞ্জী

গ্ৰহণ কৰা নহইছিল। কামৰূপত খাটনি কৰিব পৰা লোকত বাহিৰে অন্যান্যৰ পৰা অতি অল্প পৰিমাণে কৰ গ্ৰহণ কৰা হইছিল। এই বিষয়ে মানৰ দিনত বিশেষ কোনো নিয়ম থকা জানিব পৰা নাযায়। অঙ্গীকাৰৰ বিষয়ে প্ৰায় মুখৰ কথাতেই হইছিল। মাটি বন্ধা যোৱা বা কিনা বেচা বা দাসত্ব পত্ৰ কেতিয়াবা সাঁচি পাতত লিখা হইছিল। অঙ্গীকাৰ কৰা জনৰ আঙ্গুলিৰ চিহ্ন তাত দিয়া হইছিল। এই দেশত দাসত্ব বড় প্ৰবলৰূপে চলিছিল। সাধাৰণ মানুহৰ দৰে স্বত্ব, গোলামৰ নাছিল। এই গোলামৰ ওপৰত স্বামীৰ দান বিক্ৰয়ৰ স্বত্ব আছিল। আপোনাৰ পুত্ৰ আৰু কন্যা, এবং অপ্ৰাপ্তবয়স্ক পিতৃমাতৃহীন পৰিবাৰৰ ওপৰত, পিতৃ মাতৃ বা অন্য অভিভাবকৰ দান বিক্ৰয়ৰ বা হস্তান্তৰৰ ক্ষমতা আছিল।

 ব্ৰিটিশাধিকৃত হোৱাত ধৰ্ম্মত্তৰ, ব্ৰহ্মত্তৰ, দেবত্তৰ প্ৰভৃতি অৰ্দ্ধ কৰদ ভূমিৰ অধিকাৰীত বিনে অন্য ভূমিৰ কৰ গ্ৰহণ কৰা হইছে। এতিয়াৰ বিচাৰ প্ৰণালী অনুসাৰে ই দেশ কেইবাখনিও জিলাৰে ভাগ হইছে। সি জিলাত একোজন জিলাধিপতি অৰ্থাৎ ডিপুটি কমিশ্যনৰ আৰু তেওঁৰ , অধীনে এশিষ্টান্ট বা একষ্ট্ৰা আশিষ্টাণ্ট কমিশ্যনৰ আছে। সেইসকলে বিচাৰ কাৰ্য্য সম্পাদন কৰে। স্থানীয় শান্তি ৰক্ষাৰ নিমিত্তে পুলিশ দল আছে। এবং বিদেশীয় শত্ৰু নিবাৰণৰ নিমিত্তে পল্টন আছে। এই সকল কাৰ্য্য কৰিবলৈ বিধি ব্যবস্থা আৰু নিয়ম আছে আৰু সদাই চলিব লাগিছে। এতিয়া পূৰ্ব্বতকৈ সৰ্ব্বাংশে শাসন প্ৰণালী উৎকৃষ্ট হইছে। আৰু এনে আশা কৰা যায় এই শাসনৰ অধীনত থাকি অসম দেশৰ সৰ্ব্বপ্ৰকাৰ উন্নতি হ’ব। এই দেশৰ লোকসকলে উচ্চৈঃস্বৰে জগদীশ্বৰক এই শাসন চিৰস্থায়ী হবলৈ প্ৰাৰ্থনা কৰিছে। আমি আশা কৰোঁ সৰ্ব্বশক্তিমান পৰমেশ্বৰে আমালোকৰ ই আশাক সফল কৰিব।