পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঊনবিংশ অধ্যায় অধীনত একোখন প্ৰদেশ বা খেল বা মেল আছিল। সিসকলে তাৰ তত্ত্বাবধাৰণ কৰিছিল আৰু তাৰ উৎপন্ন কিয়ৎপৰিমাণে ভোগ কৰিছিল। পৰিচৰ্য্যাৰ নিমিত্তে মানুহ পাইছিল। আৰু সেই মানুহে কৃষি আদি কৰি সাহায্য কৰিছিল। ৰজাই সকলোকে নিযুক্ত বা পদচ্যুত কৰিব পাৰিছিল। আৰু কোনো খেল বা মেলৰ অধিপতিয়ে তেওঁৰ অধীনৰ ক্ষুদ্ৰ কৰ্ম্মচাৰীসকলক নিযুক্ত কৰিব বা পদচ্যুত কৰিব পাৰিছিল। খেলৰ বা মেলৰ লোকসকল এইৰূপে ভাগ হইছিল৷ বিংশতিৰ ওপৰত যি অধিপতি সি বড়া, এশৰ ওপৰত যি অধিপতি শইকীয়া, আৰু সহস্ৰৰ ওপৰত যি অধিপতি সি হাজৰীকা বা হাজাৰকীয়া। এওঁবিলাকৰ সেই সেই অধীন লোকসকলৰ ওপৰত বিশেষ ক্ষমতা আছিল। প্ৰথমে কাৰ্য্য কৰিব পৰ৷ চাৰিজন লোকক এপোৱা পাইক বোলা হইছিল। পাছলৈ দেশত বিভ্ৰাট হই যেতিয়া লোক কমিল তেতিয়া তিনিজনে এপোৱা হল।* সামাজিক নিয়মানুসাৰে অনেক সামান্য বিবাদৰ মীমাংস৷ গ্ৰাম্য লোকসকলে কৰিছিল। খেলৰ বা মেলৰ অধ্যক্ষসকলেও আপোন আপোন মেলব বা খেলৰ লোকসকলৰ মাঝত বিবাদ উপস্থিত হলে তাৰ বিচাৰ কৰিছিল। গুৰুতৰ অপৰাধ হলেও বড়বড়ুৱা কি মন্ত্ৰীয়ে বিচাৰ কৰিছিল। ইয়াত প্ৰায় আপোন মুখে সাক্ষী দি অভিযুক্ত লোকক কচিৎ জিজ্ঞাসা কৰিছিল। সমীপতে আন অধীন কৰ্ম্মচাৰীয়ে সুধি-পুছি জনালেই শেষ আজ্ঞা বিচাৰকে দিছিল। ২০৯ দেশৰ বিচাৰ কাৰ্য্যৰ নিমিত্তে লিখিত বিশেষ কোনো ব্যবস্থা নাছিল। হিন্দু শাস্ত্ৰৰ মূল নিয়ম অনুসাৰে স্বত্বাস্বত্বৰ বিষয় বিচাৰ কৰা হইছিল। ঘট, জল প্ৰভৃতি পৰীক্ষাও চলিছিল। বিচাৰ এনে কঠিন বা সূক্ষ্ম আছিল যে সাক্ষীয়ে হঠাৎ মিছা কবলৈ সাহসিক নহইছিল। উগ্ৰ আছিল। নাসিক৷ কৰ্ণছেদন, চক্ষুৰুৎপাটন, জানুভঙ্গ, চা টাঘাত, অস্ত্ৰেৰে প্ৰাণদণ্ড, শূলদ্বাৰ৷ প্ৰাণদণ্ড প্ৰভৃতি গুৰুতৰ দণ্ড আছিল। এই কাৰণত থাকি অপৰাধীৰ সংখ্যা অতি কম আছিল। স্বৰ্গনাৰায়ণ ৰজাৰ পূৰ্ব্বে দেশত মুদ্ৰা প্ৰচলিত নাছিল। উজনি খণ্ডত অৰ্থ দ্বাৰা কৰ

  • মানুহৰ সংখ্যা অনুসাৰে আৰু ব্যবসায় বা কাৰ্য্য অনুসাৰে খেল বা মেল

২৭