পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী প্ৰভৃতি তত্ত্বাবধাৰক। নাওশলীয়৷ ফুকনে বজাব নৌকাদি নিৰ্ম্মাণ কৰে। চোলাধৰ৷ ফুকন বজাৰ নিজ৷ বস্ত্ৰালঙ্কাৰাদিৰ তত্ত্বাবধাৰক। চিৰিঈফুকন আহোমৰ দেওধাই বাইলুঙ্গ প্ৰভৃতি পুৰোহিতৰ তত্ত্বাবধাৰক। দেবলীয়া ফুকন দেবালয়বিলাকৰ তত্ত্বাবধাৰক। জালভাবী ফুকন মৃগয়াদি কাৰ্য্যত নিযুক্ত থকা লোকসকলৰ অধ্যক্ষ। খাৰঘৰীয়া ফুকনে বজাৰ অস্ত্ৰশস্ত্ৰ আৰু বাৰুদ প্ৰভৃতিৰ তত্ত্বাবধাৰণ কৰিছিল। ঢেকিয়াল ফুকন ঢেকিয়াল মেলৰ অধ্যক্ষ আছিল। বাজকোষব অধ্যক্ষব পদবী বড় ভণ্ডাৰ বড়ুৱা বা ভঁড়ালী বড়ুৱা। বজাৰ চিকিৎসক বেজবড়ুৱা। চাঈমাই বা বাজ স্থূপকাৰসকলৰব অধ্যক্ষৰ উপাধি চাঙ্গমাই বড়ুৱা। হাতীব অধ্যক্ষৰ হাতীবড়ুৱা। এইপ্ৰকাৰে ৰজাৰ আৰু আন পবিচাবক আক পাৰিষদ- সকলৰ ওপৰত যাৰ অধিকাৰ তাক বড়ুৱা উপাধি দিয়া হয়। গুৱাহাটীত যিজন৷ প্ৰধান ৰাজকৰ্ম্মচাৰী থাকে তেওঁৰ উপাধি বড়ফুকন। এওঁ ৰাজ প্ৰতিনিধি। এই হেতুকে এওঁৰ ক্ষমতাও বিস্তব। বড়ফুকনৰ সভাতে৷ পানী ফুকন, ডেকা ফুকন প্ৰভৃতি কেজনমান ফুকন থাকে। সদীয়া, মৰঙ্গী, স'লাল আৰু কাজলী মুখত গোঁহাই ফৈদব একোজন প্ৰতিনিধি থাকে। ইসকলে আমালোকৰ পাৰ্ব্বত্য প্ৰদেশৰ প্ৰতিনিধিৰ কাৰ্য্য কৰে। ৰজাৰ সভাত কটকী, কাকতী, খাওন্দ প্ৰভৃতি উপাধিৰ 20 নানাদেশৰ সম্বাদ লোৱা আৰু অনা এবং কেতবিলাক লোক থাকে। ৰ৷জাজ্ঞা শুনোৱ৷ কটকীৰ কাৰ্য্য। খাওন্দ বা খাওন্দ বৈৰাগীসকলে ভিন্ন দেশলৈ গই সেই সেই দেশৰ বস্তু আনে আৰু কাকতীসকলে দেশৰ ভূমি উৎপন্ন আৰু ব্যয়ৰ হিসাব লেখে। এইসকলৰ মাঝত মজুমদাৰ বড়ুৱাই প্ৰধান। ৰজাৰ নিজ উৎপন্ন ব্যয়ৰ বিষয়েও একোজন কাকতী আছিল। সভাপণ্ডিত আৰু জ্যোতিষীয়া পণ্ডিতো সভাত আছিল। গুৱালপাড়াৰ ইপাৰে বঙ্গালহাট বা হাদীৰা চকীত এজন হাটখোৱা বা দুৱাৰীয়া থাকে। তেওঁ বাৰ্ষিক বাণিজ্যৰ কৰৰ বাবে ৰজাক ১০,০০০ টকা দিব লাগে। এই চকীৰ অধ্যক্ষক দুৱৰীয়া বড়ুৱা বুলিছিল। এই দুৱৰীয়াৰ অধীনে কিছুমান সৈন্যও আছিল। এইবিলাক কৰ্ম্মচাৰীৰ কোনেও মাসিক বা বাৰ্ষিকভাবে কোন টকা বেতন নাপাইছিল। ইসকলৰ R