পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঊনবিংশ অধ্যায় তেওঁবিলাকে পূৰ্ব্বব নিয়ম প্ৰায় বহিত কবি দেশ শাসনত নিজৰ নিয়ম প্ৰচাৰ কৰিলে। সিসকলৰ মতে ৰজা যে কেবল ভূমিৰ অধিকাৰী এনে নহয়, মানুহবে| অধিপতি। উভয়কে দান আৰু হস্তান্তৰ কৰিব পাৰিছিল। সেই ৰজাই যেনেকৈ নিষ্কৰ ভূমিবৃত্তি দান কৰিছিল তাৰ লগতে লোকো পৰিচৰ্যা কি অন্য কাৰ্য্যব নিমিত্তে দিব পাৰিছিল। বজ৷ প্ৰায় স্বেচ্ছাচাৰী থাকিলেও তেওঁব তিনিজনা ডাঙ্গবীয়া পৰামৰ্শদাতা আছিল। সিসকলৰ নাম বুঢ়া গোঁহাই, বড় গোঁহাই আৰু বড়পাত্ৰ গোঁহাই। ইয়াৰ মাঝত যিজনা যোগ্য আৰু বুদ্ধিমন্ত হয় তেওঁক মন্ত্ৰী পতা হয়। এই তিনিওজনা ডাঙ্গৰীয়াৰ মৰ্য্যাদা সমান৷ ই তিনিওজন৷ ডাঙ্গৰীয়াৰ অধিক ক্ষমতা। এওঁবিলাকে ৰজা মনোনীত বা পদচ্যুত কৰিব পাৰে৷ পাছে এনেও হয় এই আশঙ্কাত এই তিনিওজন৷ ডাঙ্গৰীয়াক ৰজাৰ বড় চ’ৰা আৰু সন্মুখ নহলে আন ঠাইত একত্ৰিত হবৰ বিধান নাই। এই তিনিজনা ডাঙ্গৰীয়াৰ তলতে বড় বড়ুৱা। এওঁ ৰজা নহলেও বড় চ’ৰাত বহি বিচাৰ কৰিব পাৰে। দেশৰ উৎপন্ন আৰু যাবতীয় কাৰ্য্যৰ ভাৰ এওঁৰ ওপৰত। এওঁৰ কাৰ্য্যৰ ওপৰত ৰজা মন্ত্ৰীৰহে দৃষ্টিৰ অধিকাৰ। এইকেইজনাৰ তলতে চ’ৰাৰ ছয় ফুকন। সিসকল ফুকন এইঃ নাও বৈছা ফুকন, ভিতৰুৱাল ফুকন, নফুকন, দিহিঙ্গীয়া ফুকন, ডেকা ফুকন আৰু পানী। এই কেইজনা ফুকনে বড় চ'ৰাত বড় বড়ুৱাই সইতে বহে। এইসকলে ৰজাৰ ভিন্ন ভিন্ন কাৰ্য্য কৰে। এই দেশত দ্বাদশ প্ৰদেশত দ্বাদশজন ৰাজখোৱা আছিল। সিসকলে আপোন আপোন প্ৰদেশৰ কাৰ্য্য নিৰ্ব্বাহ কৰিছিল। একোজন৷ ৰাজখোৱাৰ অধীনে তিনি হাজাৰ মানুহ আছিল। পূৰ্ব্বোক্ত বিষয়াসকলেই প্ৰধান। ইয়াৰ বাহিৰেও নিৰ্দিষ্ট কাৰ্য্যৰ নিমিত্তে একোজন৷ ফুকন আৰু তেওঁৰ তলতে সাহায্যকাৰী একোজন৷ বড়ুৱা আছিল। আৰু কোনো স্থলত কেবল একোজনা বড়ুৱাই আছিল। পৰ্ব্বতীয়া ফুকনে ৰজাৰ পৰ্ব্বতীয়া কুঁৱৰীৰ মেল বা সম্পত্তিৰ প্ৰধান কাৰ্য্যকাৰক আছিল। ৰাইডঙ্গীয়া ফুকন বাইডঙ্গীয়া কুঁৱৰীৰ মেল বা সম্পত্তিৰ কাৰ্য্যকাৰক আছিল। খঙ্গীয়া ফুকন ৰজাৰ মাতৃ বা পদচ্যুতা ৰাণীসকলৰ তত্ত্বাবধাৰক আছিল। তামুলী ফুকন ৰাজকীয় উদ্যানাদিব 209