পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঊনবিংশ অধ্যায় অতি প্ৰাচীন কালত এই দেশত কিৰূপ বাজ্যশাসন আছিল তাক জানিব নোৱাবি। আৰ্য্যবিলাক যেতিয়া অসম দেশলৈ আহে তেতিয়| তেওঁবিলাকৰ শাসন প্ৰণালী এই দেশলৈ লই আহে। আৰু সেইৰূপে বাজ্য শাসন কৰে। মহাভাৰতৰ সময়ত এতিয়াৰ অসম দেশত চাবি প্ৰধান দেশ আৰু এক প্ৰধান দেশৰ এক অংশ আছিল। এই এই একোখনি দেশত আকৌ অনেক ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰদেশ থকা অনুমান হয়। কিয়নো পুৰাণাদিত সিসকল দেশৰ অধিপতিক “নবপতিগণ বেষ্টিত” বুলি লিখা আছে। সিসকল ৰাজ্য ধ্বংস হোৱাৰ পাছত সেই সেই দেশত অনেক ক্ষুদ্ৰ ক্ষুদ্ৰ ৰজাৰ শাসন হ’ল। কালক্ৰমে যেতিয়৷ কামৰূপ ৰাজ্যৰ প্ৰতাপ বাঢ়িল তেতিয়াও সি নিয়ম থাকিল আৰু যেতিয়া সেই ৰাজ্য দ্বিখণ্ড হ'ল তেতিয়াও সেইৰূপেই আছিল। তাৰ পাছেও সি নিয়ম থকা অনুমান হয়। সেই কালত ক্ষুদ্ৰ ক্ষুদ্ৰ ৰজাসকলৰ প্ৰজাৰ ওপৰত সৰ্ব্ব- প্ৰকাৰ ক্ষমতা আছিল। প্ৰজাৰ পৰা কৰ নলইছিল। প্ৰজাবিলাকে কৰৰ পৰিবৰ্ত্তে ৰজা কি ৰাজকৰ্ম্মচাৰীসকলৰ কৰ্ম্ম কৰিছিল। প্ৰধান ৰজাক আকৌ এই ক্ষুদ্ৰ ৰজাসকলে স্বদেশোৎপন্ন বস্তু দিছিল আৰু যুদ্ধ বিগ্ৰহাদিত পৰস্পৰ সাহায্য কৰিছিল। কেঁাঁচবিহাৰৰ বিশ্বসিংহ ৰজাৰ দিনতো এই নিয়মে লুকী, পান্তান, প্ৰভৃতি ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰদেশৰ ৰজাসকলে সইতে সন্ধি কৰ। হইছিল। আহোমবিলাকে যেতিয়া এই দেশ অধিকাৰ কৰিলে তেতিয়াও সেইৰূপ ক্ষুদ্ৰ ক্ষুদ্ৰ বজাসকলে 'সইতে সন্ধি নিবন্ধন কৰিছিল। প্ৰজাৰ অবস্থ৷ তেতিয়৷ একপ্ৰকাৰ সুখীয়া আছিল। ৰজা বা ৰাজ- কৰ্ম্মচাৰীসকলৰ কাৰ্য্য নিয়মমতে কৰি আপোনাৰ মাটি ক্ষেতি কৰি খাইছিল। সকলোপ্ৰকাৰ প্ৰয়োজনীয় বস্তু প্ৰায় নিজেই উপাৰ্জ্জন কৰিছিল। যাক নিজে আৰ্জিব নোৱাৰে তাক, বিনিময় নিয়ম দ্বাৰা পাইছিল। ভিন্ন দেশে সইতে যুদ্ধ কৰোঁতে প্ৰজাসকলেই অস্ত্ৰধাৰী হই ওলাইছিল। আহোমবিলাকে যেতিয়া এই দেশ অধিকাৰ কৰিলে তেতিয়া