পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টাদশ অধ্যায় অবস্থা ক্ৰমে উন্নত হব লাগিছে। আমাৰ দেশৰ এই অভিমান যেতিয়া- লৈকে তিৰোহিত নহয় তেতিয়ালৈকে এই অসুখ। ভাটীব ফালৰ দৰে “চাকৰ” ইয়াত পাবলৈ নাই। এইটো যে এটা ব্যবসায় ইয়াক লোকে নাজানে। গোলামৰ অবস্থালৈ স্মৰণ কৰি মানুহে “চাকৰ” হই কাৰ্য্য কৰিবলৈ নোখোজে। যি সমৰ্থমতে পাৰে সি আকৌ তাৰ স্বাধীনতালৈ দৃষ্টি নাৰাখি তাক বাবলৈ বাঞ্ছা কৰে। ইয়াতে সামাজিক হুলস্থলে লাগিছে। সাধাৰণতকৈ ওপৰ শ্ৰেণীৰ লোকসকল কিছুমান অলস। আমাৰ মানুহৰ বিস্তৰ প্ৰয়োজন আৰু অভাব নাই। অল্পতে সন্তুষ্ট। কিন্তু সময়ৰ গুণে এই অভাব অধিক হই আহিব লাগিছে।