পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬
আসাম বুৰঞ্জী

এনেটো উপলব্ধি হয় যে সিহঁতে কোঁছকুলীয়া ৰজাৰ জাতিৰ নাম লবলৈ ঈৰ্ষ্যা কৰি হিন্দুধৰ্ম্ম লইও আহোম জাতি বুলি পৰিচয় দিবলৈ ধৰিলে। বিশেষ সিহঁতে কোঁছ জাতিৰ লগত মিহলি হলে ইন্দ্ৰবংশীয় গুছি শিৱ বংশীয় হব লাগিব এই এটা আশঙ্কা কৰিলে। ব্ৰিটিশ ৰাজ্যে সইতে সমাগম হবৰ পৰা পঞ্জাব, হিন্দুস্থান, বঙ্গাল প্ৰভৃতি ভাটীদেশৰ অনেক লোক আহি অসম বসতি কৰিছে।

 এই দেশৰ ভিতৰত সকল জাতিয়ে সংস্কৃত মূলক কথা কয়। তাৰ কথা আমি উপযুক্ত ঠাইত কম। এই দেশৰ চাৰিও ফালৰ পৰ্ব্বতীয়া জাতি বা তাৰ পৰা উৎপন্ন হোৱা এই এই উপজাতি। গাৰো জাতি—গুৱালপাড়া, ময়মনসিংহ, শ্ৰীহট্ট, জয়ন্তা আৰু খাসীয়া পৰ্ব্বতৰ মধ্যবৰ্ত্তী গাৰো পৰ্ব্বত নামে ঠাইত এই জাতি থাকে। এই জাতীয় লোক সমভূমিতো স্থানে স্থানে পোৱা যায়। গাৰোবিলাকক জাতি মালাত গাড়ব বুলি লেখিছে। খাসীয়া জাতি—গাৰো পৰ্ব্বত, কাছাৰ, মণিপুৰ, কামৰূপ, নগাঁও আৰু মিকীৰ পৰ্ব্বতৰ মাঝত এই জাতি বাস কৰে। ইহঁত আন পৰ্ব্বতীয়া জাতিতকৈ কিছুমান ভাল। ইহঁতৰ অতি অল্প সংখ্যক মাত্ৰ নামনিত বাস কৰে, প্ৰাচীন ইতিহাসত ইহঁতৰ দেশক খশ দেশ বুলি কোৱা আছে। ইহঁত আদি বাসী লোক, ইহঁতৰ গাৰো বিলাকে সইতে কিঞ্চিৎ সাদৃশ্য আছে। ইহঁতৰ বিষয়ে এনে এটী ঐতিহাসিক কথা আছে যে যুধিষ্ঠিৰ ৰজাৰ ৰাজসূয় যজ্ঞৰ সময়ত খাসীয়া দেশৰ ৰজাই কিঞ্চিৎ দৰ্প প্ৰকাশ কৰাত ভীমে ক্ৰুদ্ধ হই সেই ৰজাক ভূমিত গুহ্য ঘৰ্ষণ কৰাত তেওঁৰ মুষ্ক ছেদন হয়। সেই কাৰণেই “খাসীয়া” নাম হইছে বুলি কয়। কিন্তু এই কথা অমূলক। মিকীৰ জাতি—বৰ্ত্তমান নগাওঁ, নাগাহিলস্ জিলাৰ আৰু খাসীয়া পৰ্ব্বত জিলাৰ মাঝৰ পাৰ্ব্বত্য ঠাইত এই শান্ত প্ৰকৃতিৰ জাতি বাস কৰে। সমভূমিতো অনেক মিকীৰ আছে। ইহঁতে আমাৰ মানুহে সইতে বড়কৈ মিলিব পাৰে। মিকীৰ বিলাকক এতিয়াও আমাৰ মানুহে “ডালৰ মিকীৰ” বোলে। সিহঁতেও স্নেহ বা অনুগ্ৰহৰ আশাত সেইৰূপ বাক্য নিজে বোলে। ইয়াৰ পৰা এনে উপলব্ধি হব পাৰে যে শাখামৃগ বা মৰ্কট শব্দৰেই মিকীৰ শব্দ অপভ্ৰংশ মাত্ৰ। এই জাতি আদি বাসী লোক,