পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

208 আসাম বুৰঞ্জী হইছে। গ্ৰামত লোকে ইয়াক নাজানে। যদি কোনো লোকে কোনো বিৰুদ্ধাচৰণ কৰ৷ দেখে শ্ৰমিকসকলে তাক শাসন কৰে আৰু হয় সেই বিৰুদ্ধ কাৰ্য্যকে সংশোধন কৰি লবলৈ অনাচাৰীক পতিত বা অব্যবহাৰ্য্য কৰি থয়। এইৰূপে পতিতসকলেও যদি দোষ স্বীকাৰ কৰি প্ৰায়শ্চিত্ত হয় তাকে। সমাজে গ্ৰহণ কৰে। অবশ্যে এনে দৃষ্টান্তও পাব পাৰি যে দ্যুক্ৰিয়াকাৰী আছে কিন্তু তাৰ সংখ্যা অতি তাকৰ। এই দেশৰ স্ত্ৰীসকল বড় উদ্‌যোগী আৰু পৰিশ্ৰমী। পুৰুষে সইতে প্ৰায় সমভাগে আৰ্জ্জে আৰু গৃহ কাৰ্য্যত লিপ্ত থাকে। এই হেতুকে অন্যান্য দেশতকৈ এই দেশীয় স্ত্ৰীসকল অপেক্ষাকৃত স্বাধীন। এই কাৰণেই এই দুৰ্ণাম হোৱা অনুভব হয়। যি শ্ৰেণীৰ লোকে দুষ্কৃয়৷ কৰে সি শ্ৰেণীৰ লোকে আন দেশতো যে দুয্ ক্ৰিয়া নকৰে ইয়াক অনুমান কৰিব নোৱাৰি। যেনে শিক্ষ৷ আৰু সঙ্গ তাত ইয়াতকৈ আৰু ভাল আশা কৰিব নোৱাৰি। অসমীয়া লোকসকলৰ বুদ্ধি আৰু স্বভাব প্ৰায় ভাৰতীয় অন্যান্য দেশৰ লোকৰ দৰেই৷ অসমীয়া মানুহ বড় ভীৰু নহয় আৰু যদি সদুপদেশ আৰু উৎসাহ পায় তেন্তে অসমীয়া মানুহ শীঘ্ৰে কাৰ্য্যদক্ষ হয়। এই দেশৰ লোকে বিশেষৰূপে অনুকৰণ কৰিব পাৰে। ই সমাজৰ অপকাৰক নহয়। এই দেশ আন দেশতকৈ বহু ভাল কথাত অগ্ৰগণ্য হ’ব পৰা নাই। এতেকে দেশ হিতৈষী লোকসকলে ইয়াক সকলে৷ বিষয়তে উন্নত কৰিবলৈ যত্ন কৰা কৰ্ত্তব্য। আসাম সমাজত এটি মহা হুলস্থূল হ’ব লাগিছে। পূৰ্ব্বে যি লোক সকলে বেটী বন্দীৰ ওপৰত সকলে| সুখ আৰু আয়োজন থইছিল সেইসকলৰ পক্ষে এতিয়া দাসত্ব মুক্তি পোৱাত বড় কঠিন হইছে। নিজে ও আপোনাৰ প্ৰয়োজন সাধিবলৈ কাম কৰিব নোৱাৰে, অৰ্থৰ অভাবত সাহায্য লব নোৱাৰে৷ যিবিলাকে আকৌ -মাহিলী বা অগ্ৰিম দি পৰিচাৰক লয় সেইসকলেও পুৰ্ব্বৰ বেটী বন্দীৰ দৰে সেবা শুশ্ৰূষা পাবলৈ খোজাত সময়ৰ গুণে তাক নাপায়। অৰ্থৰ অভাবৰ কাৰণে আৰু বংশ গৌৰৱ বা অভিমানৰ কাৰণে যিসকলে নিজৰ দাস নিজে হ'ব নোৱাৰে সেইসকলৰ অবস্থা বড় শোচনীয় হইছে। যাৰ সেইৰূপ অভিমান নাই সেইসকলৰ