পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টাদশ অধ্যায় ২০৩ ঠাইব ইতৰ লোকসকলে স্ত্ৰী পুৰুষে কোনো প্ৰকাশ্য স্থানলৈ গই নৃত্য গীত কৰে। সি সময়ত অবাচ্য ও অশ্লীল গীত গোৱা আৰু নিৰ্লজ্জভাব ভঙ্গী দেথুৱা হয়। এইটি নিয়ম, শীঘ্ৰে দেশৰ পৰা গুছিলে বড় উপকাৰ আৰু সুনীতি সংস্থাপন কৰা হয়। * দুৰ্গোৎসব, ফল্গুৎসব, জন্মাষ্টমী আৰু শঙ্কৰ মাধবৰ মৃত্যু তিথিও সাধাৰণ পৰ্ব্ব। ইয়াত বাজে বিশেষ কোনো স্থান বা শ্ৰেণীব মাঝত অন্যান্য পৰ্ব্বও আছে। নানা প্ৰকাৰ ক্ৰীড়া কৌতুকাদি ই দেশত প্ৰচলিত আছে। কিন্তু সিবোৰ অতি সামান্য। ইয়াৰ মানুহবিলাক বড় আমোদ প্ৰিয়। কিন্তু যি উপায়েৰে সেই আমোদ কৰে সি অতি প্ৰাচীন।+ কানি বা অহিফেন এই দেশৰ অনেক লোকে খায়। প্ৰায় ৮০ বৎসৰতে কানিৰ ব্যৱহাৰৰ নিয়ম দেশত ব্যাপিছে। অনেক বালক যুবা যুবতী আৰু বুঢ়াক এই কানি খোৱা দেখা যায়। ইয়াৰ ব্যৱহাৰৰ নিমিত্তে এই দেশীয় লোকসকল অলস আৰু দুৰ্ব্বল হ’ব লাগিছে। এতিয়া গবৰ্ণমেন্টে আফিঙ্গ বিক্ৰয় কৰাত তাৰ ব্যৱহাৰ কৰা লোকৰ সংখ্যা ক্ৰমে হ্ৰাস আৰু ৰাজস্বৰ উন্নতিৰ আশা কৰা যাব পাৰে। এই দেশৰ কানীয়া- সকলে এনে বিবেচনা কৰে যেন সিহঁতৰ অপৰাধে৷ মাৰ্জ্জনীয়। কানীয়৷ বিলাকক সন্তুষ্ট কৰা এক মহা সন্তোষ আৰু পুণ্যৰ কাৰ্য্য যেন বিবেচনা কৰে। সেই নিমিত্তে “কানীয়৷ সেৱা” অৰ্থাৎ কানীয়াক সন্তোষকৈ আহাৰ কৰোৱাৰ নিয়ম ইয়াত চলিত। কিন্তু ই দুৰ্নীতি অচিৰে এই দেশৰ পৰা দূৰীভূত হ’ব এনে যত্ন কৰ| দেশহিতৈষী সকলোৰে সৰ্ব্বতোভাবে কৰ্ত্তব্য। অসম দেশৰ কি স্ত্ৰী কি পুৰুষ উভয়কে বিশেষকৈ স্ত্ৰীলোকক কুক্ৰিয়াসক্ত বুলি মানুহে অপবাদ দিয়ে। কিন্তু ভালকৈ অসম দেশৰ অবস্থালৈ চালেই অপবাদৰ কোনো মূল নাই। অতি অল্প দিনৰপৰা নগৰত বেশ্যাবৃত্তিৰ সৃষ্টি ইয়াক দেখিলে ই দেশীয় লোকৰ প্ৰতি ঘৃণা জন্মিব পাবে। কিন্তু হিন্দুস্থানৰ ফলগুৎসব বঙ্গদেশৰ কোন কোন স্থানৰ কাৰ্ত্তিক পূজা আৰু সভ্য মণ্ডলীৰ পৰিচিত “খেমটী” নাচৰ ই এক প্ৰকাৰ অবয়ব মাত্ৰ।

+ ই দেশত যিসকল বাদ্যযন্ত্ৰ আছে সিও সামান্য। চাপৰি বঙ্গাই নাম গোৱা, পদ পুথি শুনা, গায়ক ৰা-ওঝাৰ দ্বাৰ৷ গোৱাই শুনা, সাধু কথা শুনা, প্ৰভৃতিৰে| ব্যবহাৰ চলন। ভেঁকুলীৰ বিবাহ দিয়াও এটি ক্ষুদ্ৰ আমোদ।