পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী প্ৰকাশ্য সভালৈ থ্ৰায়েই কোনো লোক নাযায়। এই দেশৰ ব্যবহাৰ্য্য অলঙ্কাৰবিলাক তাদৃশ ভাল নহয়। ধাতুৰ পৰিমাণেই প্ৰধান ৰূপে বিবেচ্য। 202 পূৰ্ব্বে সকলো লোকে সকলে৷ প্ৰকাব বাহন ব্যবহাৰ কবিব নোৱাৰিছিল। মান্যবান লোকসকলে দোলা, ঘোঁৰা, হাতী ইত্যাদি বাহন ব্যবহাৰ কৰিছিল। এতিয়া সিনিয়ম বহিত হইছে। বড় জাপিৰ তলতে। অনেক ভদ্ৰাঙ্গনা প্ৰকাশ্য স্থানেৰে ওৰণি লই যোৱা নীতি আছে। আক সক জাপি আপোনাৰ মূৰত লইও যোৱা নিয়ম প্ৰচলিত। আসন দান আৰু গ্ৰহণতো কঠিন নিয়ম আছিল। অনেক স্থূলত আগন্তুক লোকক কোন আসন দানব ৰীতি নাই আৰু অনেকেই কাৰো ঘৰলৈ যাব লাগিলে নিজব আসন, তামোলৰ বটা আৰু লোট| লই যায়। অসম দেশব সৰ্বপ্ৰকাৰ লোকব অন্নই মূল আহাৰ। শালী চূৰ্ণাদিব দ্বাৰা নিৰ্ম্মিত পিষ্টকাদি কোনো কোনো সময়ত হে হয়। প্ৰায় মানুহেই ক্ষাব আৰু অম্ল প্ৰিয়। মাছ আৰু পহুৰ মাংস প্ৰায় লোকে গ্ৰহণ কৰে। অন্য মাংস ভক্ষণত লোকসকলে কচি আৰু ধৰ্ম্ম বিষয়ক বিশ্বাস বিবেচনা কৰে। এতিয়ালৈকে এনে দৰিদ্ৰ লোক আছে যি লোণ নোহোৱা আহাব কবি থাকে। আহাৰব বিষয়ে ইয়াত এনে কঠিন নিয়ম যে অসগোত্ৰীৰ কথা দূৰৈত থাওক জ্ঞাতিব হলেও অনেকে অন্ন ভোজন নকৰে। কেবল গ্ৰামত কোনো কোনে| খেলৰ একোজন বান্ধনী আছে তাৰ হাতে অনেকেই খায়। বোকা চাউল বা কোমল চাউল নামে এবিধ চাউল পানীৰে তিতাই লই দধি আৰু গুড়েৰে ভক্ষণ কৰে। কদলী প্ৰভৃতি উপকৰণ তাৰ লগত থাকে। এই আহাৰীয় বস্তুয়েই সৰ্ব্বসাধাৰণৰূপে প্ৰচলিত। কোনো উৎসবাদিত এই আহাৰ সকলোকে দিয়া হয়। তামোল অসমীয়া মানুহৰ অতি প্ৰিয় বস্তু। তাৰ লগত অন্য দেশৰ দৰে অন্য মসালা নাই কেবল পাণ, চূণ, আৰু ধঁপাত মাত্ৰ। অসম দেশত বিস্তৰ উৎসব বা পৰ্ব্ব নাই। পৌষ, চৈত্ৰ আৰু আশ্বিনৰ সংক্ৰান্তি বিহু নামে প্ৰসিদ্ধ। এই তিনিটি প্ৰধান পৰ্ব্ব। ইয়াত মান্যজনক প্ৰণাম, মিত্ৰ কুটুম্বাদিক সাক্ষাৎ কৰা আৰু ভোজনাদি কৰোৱা হয়। চৈত্ৰৰ বিহুত সংক্ৰান্তিৰ পৰা সাতদিন কোনো