পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টাদশ অধ্যায় মতেই হই থাকে। কন্যাৰ সন্মতি বিন। বিবাহ সিদ্ধ নহয়। এই দেশীয় হিন্দু লোকসকলৰ উত্তৰাধিকাৰিত্বৰ নিয়ম শাস্ত্ৰানুসাৰেই হয়। পুত্ৰ পৌত্ৰাদিৰ অভাৱত জ্ঞাতিসকলেই উত্তৰাধিকাৰী হয়। কিন্তু এতিয়া কোনো কোনো অবস্থাত দৌহিত্ৰ সন্তানে মাতামহৰ উত্তৰাধিকাৰী জ্ঞাতি থকাতো হ’ব লাগিছে। এইটি দেশীয় সাধাৰণ নিয়ম বুলিব নোৱাৰি। ধনাধিকাৰীয়ে জীবদ্দশাত আপোনাৰ সম্পত্তি কন্যা আক জামাতাক লিখি দিয়াত সি সকলে উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি পায়। তাসবৰ্ণ বা বিধবা বিবাহৰ দ্বাৰাও উত্তৰাধিকাৰিত্ব স্বত্বৰ ব্যাঘাত নজন্মে। সত্ৰৰ অধিকাৰী পদত জ্যেষ্ঠানুক্ৰম, পুত্ৰানুক্ৰম, বা যোগ্যানুক্ৰম প্ৰচলিত। 'যি সত্ৰৰ অধিকাৰী উদাসীন, তাৰ অধিকাৰী মৃত অধিকাৰীৰ মনোনীত আৰু ৰক্ষিত ডেকা অধিকাৰীয়েই হয়। পোষ্য পুত্ৰ গ্ৰহণৰ নিয়ম এই দেশত কিঞ্চিৎ বিভিন্ন। কোনো লোকে নিজৰ গোত্ৰ বা বংশৰ অথবা অন্যৰ গোত্ৰ বা বংশৰ কোনে মানুহক পোষ্য পুত্ৰ গ্ৰহণ কৰি আপোনাৰ সম্পত্তিৰ উত্তৰাধিকাৰী কৰে। বয়স বা যাগ-যজ্ঞাদিৰ প্ৰয়োজন দেখা নাযায়। পুৰুষ কি স্ত্ৰী উভয়েই পোষ্য পুত্ৰ গ্ৰহণ কৰিব পাৰে৷ বিধবা স্ত্ৰীৰ পক্ষে পোষ্য পুত্ৰ গ্ৰহণত স্বামীৰ অনুমতিৰ অপেক্ষা নকৰে। তাৰ আপোনাৰ জ্ঞাতি বা সমাজ বা খেলৰ প্ৰাচীন লোকৰ সন্মতি হলেই যথেষ্ট। পিতৃ মাতৃয়ে স্বীকাৰ কৰিলেই সন্তানৰ জাৰজত্ব যায়। 203 এই দেশৰ কি ৰজা কি প্ৰজা সকলোৱেই কাঠ বাঁহ আৰু খেৰেৰে সজা গৃহত বাস কৰে। কোনো কোনো দেবালয় মাত্ৰ ইষ্টক নিৰ্মিত। সাধাৰণ পক্ষে গৃহৰ পৰিপাটী বা পৰিষ্কাৰৰ প্ৰতি বড়কৈ দৃষ্টি নকৰে। আহোম ৰজাৰ দিনত সকলোৱে সৰ্ব্বপ্ৰকাৰ পৰিচ্ছদ কি অলঙ্কাৰ পৰিধান কৰিব নোৱাৰিছিল। এতিয়া সেই কঠিন নিয়ম অন্তৰ্হিত হইছে। সৰ্ব্ব- সাধাৰণত স্ত্ৰীসকল দ্বিবস্ত্ৰা। অন্যস্থানলৈ গমন কৰিলে বা কোনো উৎসবাদিত নিজৰ ঘৰতে তাৰ ওপৰত খনীয়া কাপোৰ নামে এখান আবৰণ বস্ত্ৰ পৰিধান কৰে। তাৰে সৰ্ব্বাঙ্গ সুন্দৰৰূপে আবৃত থাকে কেবল চক্ষু নাসিকা আৰু ভৰি মাত্ৰ অনাবৃত। পুৰুষবিলাকৰ পৰিচ্ছদত হিন্দুস্থানৰ নিয়মৰ বিশেষ অনুকৰণ বুলিব পাৰি। পাগুড়ি বা শিৰোবস্ত্ৰ বিনা কোনো TURN