পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

T আসাম বুৰঞ্জী স্বামীৰ মাঝত সম্বন্ধ ত্যাগ নাই কিন্তু সেইৰূপ ভাৰ্য্য৷ স্বামীৰ মাঝত সম্বন্ধ ত্যাগৰ নিয়ম ই দেশত আছে। কোনো কোনো সময়ত এনেও দৃষ্ট হয় কোন স্ত্ৰীয়ে এক স্বামীক পৰিত্যাগ কৰি অপৰ স্বামী গ্ৰহণ কৰে এবং এইৰূপে পতিপত্নীৰ মাঝত বিচ্ছেদ হই থাকিলেও কোনো স্ত্ৰী বা পুৰুষে কোনো এক পুৰুষ বা স্ত্ৰীয়ে সইতে যেতিয়াই ইচ্ছ| তেতিয়াই বিবাহ সংস্কাৰ সম্পাদন কৰে। এই বিবাহ কেবল শৰীৰ শুদ্ধিৰ নিমিত্তেই কৰা হয়। ইয়াৰ দ্বাৰা পূৰ্ব্বতকৈ সম্বন্ধ দৃঢ় বা গুৰুতৰ নহয়। কোনো সময়ত এনেও হয় যে কোনো স্বামীহীনা নাৰীয়ে সেইৰূপে অস্থি শুদ্ধিৰ নিমিত্তে কোনো পুস্তক বা শিলাখণ্ড ৰা কদলী বৃক্ষে সইতে বিবাহ সংস্কাৰ সম্পন্ন কৰে। এই সকল কাৰ্য্য দ্বাৰা এনে অনুমান হয় এই দেশত শৰীৰ শুদ্ধিৰ নিমিত্তেই বিবাহ সংস্কাৰৰ প্ৰয়োজন, তাত বাজে সাধাৰণৰ মাঝত তাৰ অন্য উদ্দেশ্য নাই,* অনেক পিতৃমাতৃ বা আন অভিভাবকে শুল্ক গ্ৰহণ কৰি কন্যাদান কৰে। সিসকলৰ এই অসৎ উপাৰ্জনৰ প্ৰতি স্পৃহা হোৱাত অনেক সময়ত বহু অত্যাচাৰ বা অনীতি হয়। এই দেশত ব্ৰাহ্মণ ব্যতিৰেকে অন্য জাতিৰ মাঝত অসবৰ্ণ বিবাহো হয়। শ্ৰেষ্ঠ জাতিয়ে যদি হীন জাতিৰ সহিত এইৰূপ পৰিণয় কৰে তেনেহলে হীনজাতি প্ৰাপ্ত হয়। কছাৰী, লালুং, মিকীৰ প্ৰভৃতি অনাৰ্য্যজাতিৰ মাঝত স্ত্ৰী পুৰুষৰ সন্মতি অনুসাৰে বিবাহ কাৰ্য্য সম্পন্ন হয়। পিতৃমাতৃ বা অন্য অভিভাবকে সি সন্মতিৰ পোষকতা মাত্ৰ কৰে। এইবিলাক জাতিৰ লোকসকলে প্ৰায় পুৰুষে স্ত্ৰীৰ ঘৰলৈ গই বাস কৰে। - এবং সেই শ্বশুৰালয়েই তাৰ নিজালয় হয়। এই নিমিত্তে পুত্ৰতকৈ কন্যাৰ প্ৰতি ইহঁতৰ আগ্ৰহ অধিক। এই- বিলাকৰ কাৰে৷ কাৰো মাঝত বলপূৰ্ব্বক যুবতী কন্যা· ধৰি বিবাহ কৰাৰ প্ৰথাও দৃষ্ট হয় কিন্তু এই নিয়ম এতিয়া বিচাৰালয়ত কন্যাৰ অসন্মতি হলে প্ৰতিপোষকতা কৰা দেখা নাযায়। মুসলমানবিলাকৰ বিবাহ সি জাতিৰ অন্যান্য দেশৰ প্ৰচলিত পদ্ধতি

  • কেতিয়াবা এনেও দেখি যে কোনো স্ত্ৰাৰ শৰীৰ শুদ্ধিৰ বাবে কোনো পুৰুষে

সইতে বিবাহ হয়। পাছে সেই পুৰুষক অলপ দক্ষিণা দি বিদায় দিয়া হয়। সেই স্ত্ৰী আৰু পুৰুষৰ মাঝত সম্বন্ধ নাথাকে। ইয়াকে এৰা বিয়া বোলে।