পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টাদশ অধ্যায় আসাম দেশৰ বিবাহ প্ৰণালী ভাৰতবৰ্ষৰ অন্যান্য দেশতকৈ কিঞ্চিৎ বিভিন্ন দেখি। ব্ৰাহ্মণ আৰু কোনো কোনো শূদ্ৰৰ মাঝত মহু প্ৰণীত ব্ৰাহ্ম-বিবাহ অৰ্থাৎ কুমাৰী কালতে বৰক আহ্বান কৰি কন্যাদানৰ নিয়ম প্ৰচলিত। আন জাতিৰ মাঝত ই বিবাহ বড়কৈ নচলে। শূদ্ৰাদি জাতিত ৰজস্বলা হই গলেও কন্যাৰ বিবাহ হ’ব পাৰে। ব্ৰাহ্মণৰ মাঝতহে বিধবা বিবাহ অপ্ৰচলিত। সাধাৰণতঃ বিধবা বিবাহ ব্ৰাহ্মণ ভিন্ন সকলো জাতিতে প্ৰচলিত আছে। এই দেশত প্ৰাচীন গান্ধৰ্ব্ব বিবাহৰ সদৃশ এক প্ৰকাৰ বিবাহ পদ্ধতি হিন্দু সমাজৰ শূদ্ৰাদিৰ মাঝত প্ৰচলিত। কোনো প্ৰাপ্ত বয়স্কা কুমাৰী বা বিধবাক তেওঁৰ পিতৃমাতৃ বা অন্য অভিভাবকৰ সন্মতি অনুসাবে অলঙ্কাৰাদি পিন্ধাই যথাযোগ্যৰূপে সামাজিক লোকসকলক আহাৰ কৰোৱাই পুৰুষে আপোন ঘৰলৈ আনে। তাইৰে সইতে স্বচ্ছন্দে গৃহবাস কৰে৷ তাৰপৰ৷ যি সন্তান উৎপন্ন হয় সি সন্তানেই বিবাহিতা স্ত্ৰীগৰ্ভজাত পুত্ৰৰ ন্যায় ধনাধিকাৰী হয়। কোনো কোনো সময়ত এইৰূপ পৰিণয়ত দৰা কন্যাক আয়তীসকলে দুৰ্ব্ব৷ আৰু ধানেৰে নিৰ্মন কৰে৷ ইয়াকে “আগ চাউল দিয়া” বোলে। কোনো কোনো সময়ত কোনো পুৰুষ আৰু স্ত্ৰীৰ এক প্ৰকাৰ স্বয়ম্বৰ বিবাহ হোৱাৰো নিয়ম দৃষ্ট হয়। অৰ্থাৎ কোনো স্ত্ৰী কি পুৰুষ ইচ্ছানুসাৰে কোনো পুৰুষ বা স্ত্ৰীৰ ঘৰলৈ গই তাতে তেওঁৰে সইতে ভাৰ্য্যাস্বামীৰূপে সহবাস কৰে। এই বিষয়ত সহসা সামাজিক লোকৰ পৰা বাধা দিয়া নাযায়। এই স্বয়ম্বৰ বিবাহ পদ্ধতি কেতিয়াবা প্ৰকৃত সীমাকে৷ অতিক্ৰম কৰে৷* হিন্দুধৰ্ম্মানুসাৰে ভাৰ্য্যা

  • এই স্বয়ম্বৰ প্ৰথাৰ দ্বাৰা অনেক সময়ত অনিষ্ট ঘটে। কিয়নো অনেক যুবক

আৰু যুবতী কন্যাই হঠাৎ বিবাহ কৰে আৰু তাৰ পাছে অনেক সময়ত অনেক দুৰ্ঘটনা ঘটে। কেতিয়াবা এনেও হয় যে পিতৃ-মাতৃয়ে কন্যাদানৰ অঙ্গীকাৰ কৰি অনেকৰ পৰা উপঢৌকন লয়। তাৰে এজনে কন্যা পায়। ইবিলাকে ক্ষতি পূৰণ মাত্ৰ পাব পাৰে। বিধব| স্ত্ৰীৰ দেবৰ প্ৰভৃতিয়ে কেতিয়াব| সেই স্ত্ৰী আনক দি পূৰ্ব্বৰ বিবাহৰ ব্যয় লয়।