পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

335 আসাম বুৰঞ্জী দেৱতাক পূজা কৰে। অসম দেশত এক কালত বৌদ্ধধৰ্ম চলিলেও বৌদ্ধধৰ্ম্ম মান্য কৰা লোক ইয়াত নাই। কোন সময়ত যে সি ধৰ্ম্ম চলিছিল ইয়াৰ প্ৰমাণ কেবল কোনো কোনো মন্দিৰ বা তাৰ ভগ্নাবশেষ এবং মানুহৰ সামাজিক অবস্থাতহে জানি। আসাম দেশ ব্ৰিটিশাধিকৃত হোৱাৰ পাছত ইয়ালৈ নানা ধৰ্ম্মৰ লোক আহিছে। খ্ৰীষ্টীয় মিশ্যনৰীসকলে খ্ৰীষ্ট ধৰ্ম্ম প্ৰচাৰ কৰিব ধৰিছে আৰু সেই ধৰ্ম্ম অতি অল্প সংখ্যক লোকে গ্ৰহণে৷ কৰিছে। সুপবিত্ৰ সহজ একেশ্বৰবাদী ব্ৰাহ্ম ধৰ্ম্মও এতিয়া ক্ৰমে অসম দেশত প্ৰবৰ্ত্তিব ধৰিছে। এই ধৰ্ম্মৰ নিমিত্তে শঙ্কৰ আৰু মাধৱে পথ মুকলি কৰি থই গইছে, আৰু এনে আশ৷ কৰা যাব পাৰে যে এই নিৰ্ম্মল ধৰ্ম্ম সেই পৰিস্কৃত পথেৰে প্ৰবেশ কৰি সত্বৰে আসাম দেশ উজ্জ্বল কৰিব।