পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তদশ অধ্যায় গড়মূৰ, কুৰুৱাবাহী, নৰোৱ', কোৰামৰা দীঘলী, শ্যামগুড়ি, কমলাবাড়ী, বিয়াকুচী, বড়পেটা, বড়দোৱা, পাটবাউসী, মোৱামৰা আৰু দিহিঙ্গ আক ইয়াত বাহিৰেও এলেঙ্গী, শ্ৰীহাটী, জখলাবন্ধ৷ প্ৰভৃতি অনেক সত্ৰ আছে। ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ দিনত ১৬ পোনৰ এটকা সত্ৰ আছিল। এতিয়া অনেক সত্ৰ বাঢ়ি তাৰ সংখ্যা বৃদ্ধি হৈছে। কোনো কোনো সত্ৰত উদাসীন ব্ৰত অবলম্বনৰ নিয়ম আছে। এই সকল সত্ৰৰ মহন্তসকলৰ শিষ্যৰ ওপৰত বড় ক্ষমতা। তেওঁবিলাকৰ শাসনৰদ্বাৰা দেশত অনেক আচাৰ ব্যবহাৰ আৰু নীতি সজৰূপে চলি আছে। কিন্তু এতিয়া তাৰ অনেক ব্যতিক্ৰম অংশে হ’ব লাগিছে। পাপৰ লযুগুৰু অনুসাবে প্ৰায়শ্চিত্তব নিয়ম এই দেশত হিন্দু ব্যবস্থ| মতেই চলিত। কোনো লোকে কোনো দুষ্ক্ৰিয়৷ কৰিলে যিমান দিনলৈকে প্ৰায়শ্চিত্ত নহয় আৰু গুৰুজাতি এবং সমাজক দণ্ড নিদিয়ে তিমান দিনলৈকে সি পতিত হই থাকে। তাৰ লগত কোনেও ব্যৱহাৰ নকৰে। এইৰূপে নিলগ কৰিবৰ ক্ষমতা গুৰু আৰু সমাজ দুইৰো আছে। ই দেশৰ মুসলমানবিলাকৰ সকলোৱেই শূন্নী মতাবলম্বী। কিন্তু হিন্দু- ধৰ্ম্মচাৰী ৰজাৰ অধীন আৰু হিন্দু ৰজাৰ মাঝত থকাত সিহঁতৰ অনেকেই বিশেষকৈ গ্ৰাম্য মুসলমানবিলাকে কিছুমান হিন্দু আচাৰ প্ৰবৰ্ত্তাইছে আৰু কোনো কোনে৷ ঠাইৰ মুসলমানবিলাকে বিষহৰি প্ৰভৃতি হিন্দু- ১৯৭ তেৱেঁই সকলোৰে পূজ্য। ই তান্ত্ৰিক বামাচাৰী সেৱাৰ অনুকৰণ মাত্ৰ। অৰীতিয়া ভকতসকলে শঙ্কৰদেৱৰ পূৰ্ণ ধৰ্ম্ম পোৱা বুলি অভিমান কৰে। সেই কালৰ তান্ত্ৰিক শিক্ষা আৰু শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্ম্মই দুইৰো অপভ্ৰংশ এই মত। সকলো লোকে ইয়াক আচৰিব পাৰে। ইয়াৰ স্বতন্ত্ৰ আলয় নাই।

  • কোনো কোনো মহন্তসকলে তেওঁবিলাকৰ এই ক্ষমতা বড়কৈ কুব্যবহাৰ

কৰিবলৈ ধৰিছে। পূৰ্ব্বে এই দণ্ডৰ দ্বাৰা সমাজৰ উপকাৰ হোৱাটো উদ্দেশ্য আছিল। এতিয়া মহন্তৰ কোনো কোনোজনে নিজৰ উপকাৰহে বাঞ্ছে। এতিয়া ধৰ্ম্ম প্ৰচাৰ কাৰ্য্যৰ প্ৰতি তেনে সৰল আশা নেদেখি। ধৰ্ম্মৰ নিমিত্তে ধৰ্ম্ম প্ৰচাৰ গুছি কেৱল তেওঁবিলাকব উপাৰ্জনৰ অৰ্থেহে ধৰ্ম্ম প্ৰবৰ্ত্তোৰা হেন অনুমান হ'ব লাগিছে। সেই কাৰণে লোক সকলৰ অনেক অশ্ৰদ্ধা দেখি।