সমললৈ যাওক

পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৬
আসাম বুৰঞ্জী

কিঞ্চিৎ ইতৰ বিশেষ কৰি ব্যাখ্যা কৰাত তাৰে এক শাখা ঠাকুৰীয়া মত বুলি প্ৰসিদ্ধ হ’ল। সি সময়তে দামোদৰ, হৰিদেৱ, দেৱ গোপাল প্ৰভৃতি ব্ৰাহ্মণসকলেও বৈষ্ণব ধৰ্ম্ম প্ৰচাৰ কৰিলে। ব্ৰাহ্মণসকলৰদ্বাৰা প্ৰচাৰ হোৱাৰ নিমিত্তে সি মতক বামুনীয়া মত বোলে। ফলে মহাপুৰুষীয়া আৰু বামুনীয়া মূল মতত একো বিভিন্নতা নাই। উভয় মতেই বিষ্ণুৰ উপাসনা প্ৰচাৰ কৰে, মহাপুৰুষীয়াসকলৰ কাৰো কাৰো মত নিৰাকাৰ ঈশ্বৰৰ উপাসনাৰ ফালে ঢাল খোৱা। কিয়নো তেওঁবিলাকে অন্যান্য দেব-দেবীৰ অস্তিত্ব স্বীকাৰ কৰিলেও মূৰ্ত্তি পূজা বড়কৈ নামানে এবং শ্ৰাদ্ধাদি বৈদিক ক্ৰিয়াও বড় নকৰে।

 এই ধৰ্ম্ম প্ৰচাৰ হোৱাৰ পাছত লোকৰ ধৰ্ম্মভাবৰ অভাব পূৰণ হ'ল। মাধবদেৱ আৰু আন কোনো কোনো শিষ্যে অনেক পুথি ৰচনা কৰিলে। এতিয়া এনেহে হইছে যে সিসকল পুস্তকৰ পদ আৰু গীত নাজানে এনে লোক প্ৰায় নাই। মহাপুৰুষীয়া ধৰ্ম্ম মতে পূজাদিৰ আৱশ্যক নাই। হৰিৰ নামেই সকলো উপাসনা। এই হেতুকে সৰ্ব্বত্ৰে হৰি কীৰ্ত্তন কৰা প্ৰচলিত। এই ধৰ্ম্ম প্ৰচাৰৰ নিমিত্তে দেশত অনেক ধৰ্ম্মালয় বা সত্ৰ আছে। তাত অধিকাৰী আৰু ডেকা মহন্ত সকল আছে। ইসকলে ধৰ্ম্ম প্ৰচাৰ কৰে। এবং শিষ্যৰপৰা কৰ গ্ৰহণ কৰি প্ৰতিপালিত হয়। শিষ্যৰ পক্ষে এই কৰ অবশ্য দিবলগীয়া। নিদিলে সমাজচ্যুত হ’ব লাগে। মহাপুৰুষীয়া আৰু বামুনীয়া মতক এৰিও তান্ত্ৰিক দীক্ষা প্ৰণালী ই দেশত আছে। ৰজাৰ গুৰু পৰ্ব্বতীয়া গোসাঁই, নাতী গোসাঁই, নগোসাঁই, আৰু মুকলী মুৰীয়া ভট্টাচাৰ্য্য প্ৰভৃতি কেইবা ঘৰো ভট্টাচাৰ্য্য আছে। সিসকলে তান্ত্ৰিক দীক্ষা দিয়ে। তান্ত্ৰিক দীক্ষা গ্ৰহণৰ প্ৰথা শিৱসিংহ স্বৰ্গদেৱৰ দিনৰ পৰাহে বিশেষৰূপে দেশত চলিবলৈ ধৰিলে।[]

 এই দেশত প্ৰধান সত্ৰ এই এই। আউনী আটী, দক্ষিণ পাট,


  1. অৰীতিয়া বা পূৰ্ণ সেৱা নামে এক প্ৰকাৰ আচাৰ ই দেশত গোপনে চলিছে। ইয়াৰ ভকতসকলে জাতিভেদ নামানে। সকলো জাতিয়ে একত্ৰিত হই মদ্যমাংসাদি সকলো ভক্ষণ কৰি কীৰ্ত্তন কৰে। ই সেৱাত ভক্তি মাতৃ নামে এটি স্ত্ৰীৰ প্ৰয়োজন। তেৱেঁই সকলোৰে পূজ্য। ই তান্ত্ৰিক বামাচাৰী সেৱাৰ অনুকৰণ মাত্ৰ। অৰীতিয়া ভকতসকলে শঙ্কৰদেৱৰ পূৰ্ণ ধৰ্ম্ম পোৱা বুলি অভিমান কৰে। সেই কালৰ তান্ত্ৰিক শিক্ষা আৰু শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্ম্মই দুইৰো অপভ্ৰংশ এই মত। সকলো লোকে ইয়াক আচৰিব পাৰে। ইয়াৰ স্বতন্ত্ৰ আলয় নাই।