পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তদশ অধ্যায় সেই উপদেশ স্বীকাৰ কৰিলে। বাণ্ডুকা দেশৰ দীঘলাগিৰিৰ পুত্ৰ মাধৱদেৱ ভাটীৰ পৰ৷ আহি শঙ্কৰতে দীক্ষা গ্ৰহণ কৰিলে। প্ৰচাৰকাৰ্য্যত শঙ্কৰক সাহায্য প্ৰদান কৰিলে। অহিন্দু আহোমবিলাকেও বৈষ্ণব ধৰ্ম্ম প্ৰচাবৰ প্ৰতি দ্বেষভাব কৰিলে। অতি সামান্য অপৰাধতে শঙ্কৰৰ জামাতা হৰিক আহোমে বধ কৰে। এবং মাধবদেৱকে। বন্দী কৰে। পাছে শঙ্কৰদেৱে আহোম দেশ পৰিত্যাগ কৰি কামৰূপৰ পাটবাউসীত বসতি কৰিলে। কিছুদিনৰ মূৰত মাধৱদেৱে৷ বন্দিব পৰা মুক্ত হই শঙ্কৰৰ লগলৈকে গ'ল। তেতিয়া সাধাৰণ লোকৰ মনত যেনে ধৰ্ম্ম আছিল শঙ্কৰৰ ধৰ্ম্ম তাৰ উপযোগী হ’ল। সহস্ৰ সহস্ৰ লোকে সেই ধৰ্ম্ম গ্ৰহণ কৰিলে। ব্ৰাহ্মণ- সকলে দ্বেষ কৰি নৰনাৰায়ণ ৰজাত শঙ্কৰ মাধৱৰ বিৰুদ্ধে কেবাবাৰে৷ অভিযোগ কৰে কিন্তু ব্ৰাহ্মণসকলেই বাৰে বাৰে লজ্জ৷ প্ৰাপ্ত হ'ল। ১৯৫ শঙ্কৰ আৰু মাধৱৰ অনেক প্ৰধান প্ৰধান শিষ্য হ'ল। সিসকলে দেশৰ স্থানে স্থানে সত্ৰ কৰি ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ ধৰিলে। ইতৰ লোকসকলেই প্ৰথমে সি ধৰ্ম্ম গ্ৰহণ কৰিলে কিয়নে৷ সিহঁতেই পুস্তকা- দিত লেখা কথা আৰু গোপনীয় হিন্দুধৰ্ম ভালকৈ নাজানে। এই ধৰ্ম্মত জাতিভেদব বড় বান্ধনি নাই। গাড়ো, কছাৰী, যবন প্ৰভৃতি লোক ই ধৰ্ম্মত দীক্ষিত হ’ল। ক্ৰমে ৰজাৰ অনুগ্ৰহ হোৱাত বেহাৰ- লৈকে৷ শঙ্কৰ আৰু মাধৱ, গই ধৰ্ম্ম প্ৰচাৰ কৰিলে। দেশৰ অধিকাংশ লোকেই শঙ্কৰৰ ধৰ্ম্মকে আশ্ৰয় কৰিলে। কালক্ৰমে ১৪৯০ শকতে শঙ্কৰ পৰলোকলৈ গমন কৰে। মাধবদেৱে তেওঁৰ ধৰ্ম্মকে প্ৰচাৰ কৰিলে। কিন্তু মাধৱদেৱৰ মতে নিৰাকাৰ ঈশ্বৰৰ উপাসনাই প্ৰধান।* মাধবদেৱে৷ কালক্ৰমে পৰলোকলৈ যায়। তেওঁবিলাকৰ পূৰ্ব্বে লোকৰ মনত যেনে ধৰ্ম্ম ভাবৰ অভাব আছিল তাত তেওঁবিলাকৰ প্ৰচাৰিত ধৰ্ম্ম উপযোগী ধৰ্ম্ম হোৱাত শঙ্কৰ আৰু মাধৱ অজ্ঞান মানুহৰ আগত ঈশ্ববাবতাৰ বুলি প্ৰসিদ্ধ হ’ল। তেওঁবিলাকৰ প্ৰচাৰিত ধৰ্ম্মকে মহা- পুৰুষীয়া ধৰ্ম্ম বোলে। অনন্তৰ তেওঁৰ মতকে কোনো কোনে| প্ৰচাৰকে

  • শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্ম্মক মাধবদেৱে উন্নত আৰু উজ্জ্বল কৰে। সেই কাৰণে

মাধবদেৱক শিষ্যসকলে মহাপুৰুষ গুৰু বোলে।