পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫
দ্বিতীয় অধ্যায়

সেই সকল গোৰি মহম্মদৰ অধীন লোক হোৱাৰ কাৰণেই হওক বা গৌৰদেশৰ পৰা অহাৰ নিমিত্তেই হওক গৰীয়া বুলি প্ৰসিদ্ধ হল। সেই সকল মুসলমান ধৰ্ম্মাক্ৰান্ত থকাত ইয়াত মুসলমানক গৰীয়া বোলে। তাৰ পাছেও মুসলমানৰ দ্বাৰা দেশ আক্ৰমণ হোৱাত অনেক মানুহ ইয়াত থাকিল। তাৰে এক সময়ত এই দেশত থাকি যোৱা লোকক গৰীয়া বোলে। কোঁছবেহাৰ ৰজাই শ্ৰীহট্ট আৰু কোঁছবেহাৰৰ পৰা এই দেশলৈ কিছুমান ব্ৰাহ্মণ অনাই ইয়াত পাতে। কামৰূপৰ পূৰ্ব্বৰ ৰজা সকলেও অনেক ব্ৰাহ্মণাদি আনি এই দেশত বসতি কৰায় তাৰে সুৱালকুছিৰ “বাসত্তৰীয়া ব্ৰাহ্মণ” নামে প্ৰসিদ্ধ ব্ৰাহ্মণসকল গণনীয়। আশ্চৰ্য্য এই যে বঙ্গদেশৰ ৰাটীয় কি বাৰেন্দ্ৰ ব্ৰাহ্মণ কি শূদ্ৰ ইয়ালৈ অহা নাই। এটি প্ৰধান প্ৰমাণ এই যে কুলীন মৌলিক ভঙ্গ প্ৰভৃতি বল্লালি উপাধি ইয়াত পাবলৈ নাই। কোঁছবেহাৰৰ নৰনাৰায়ণ ৰজাৰ সময়ত ইয়ালৈ সেই দেশৰ অনেক লোক আহে। আৰু সেই সকলক সেইকালৰ ৰজাই মাটী বাড়ি দি পাতে। শঙ্কৰদেৱৰ সময়তো অনেক বঙ্গালী আৰু উড়িয়া মানুহ এই দেশলৈ আহে; ৰূদ্ৰসিংহ স্বৰ্গদেৱে অনেক শিল্পকৰ আৰু পণ্ডিত লোক ভাটীৰ পৰা এই দেশলৈ অনাই যথাযোগ্যৰূপে বসতি কৰায়।

 মণিপুৰ জয়ন্তা কাছাৰ প্ৰভৃতি দেশৰ পৰাও অনেক মানুহ যুদ্ধাদিৰ পাছত বা মিত্ৰতা উপলক্ষে এই দেশলৈ আহে। আমাৰ দেশৰ প্ৰায় সকলো ঠাইতে যি কছাৰী জাতিৰ মানুহ পোৱা যায় তাৰ পৰা এনেটো উপলব্ধি হয় যে কোনো কালত এই দেশৰ অধিকাংশ ঠাই সেই জাতিৰ মানুহে কাছাৰৰ পৰা নামি আহি অধিকাৰ কৰিছিল। পাছে ক্ৰমে সিহঁত দুৰ্ব্বল হৈ যোৱাত ঠাইয়ে ঠাইয়ে থাকিল। অনেকে আপোনাৰ ধৰ্ম্মকো এড়ি হিন্দুধৰ্ম্ম লই কোঁছ জাতিৰ অন্তৰ্গত হ'ল। মিকীৰ, নগা, মিৰী প্ৰভৃতি অনেক লোক মহাপুৰুষীয়া ধৰ্ম্ম প্ৰচাৰক সকলৰ উপদেশত আপোন আপোন পাৰ্ব্বত্য প্ৰদেশৰ পৰা নামি আহি এই দেশত থাকি সেই কোঁছ জাতিৰ অন্তৰ্গত হ'ল। আহোম বিলাক এই দেশলৈ আহি লোক সংখ্যা অনেক বৃদ্ধি কৰিলে। কিন্তু সিহঁতৰ যিবিলাকে হিন্দুধৰ্ম্ম গ্ৰহণ কৰিলে সেই সকলে কোঁছ জাতিৰ অন্তৰ্গত নহ'ল। তাৰ কাৰণ